ETV Bharat / state

Rupjyoti Kurmi seen in jungle: হাতত কেটেপা লৈ জংঘলত বিচৰণ ৰূপজ্যোতি কুৰ্মীৰ

author img

By

Published : Oct 16, 2022, 4:52 PM IST

হাতত কেটেপা লৈ হাবিত দেখা পোৱা গ’ল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ আজি দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেতেপা লৈ ঘূৰি ফুৰা পৰিলক্ষিত হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী । কিন্তু এয়া আচলতে কোনো চিকাৰ বা অন্য একো নহয় । এয়া আচলতে Slingshot (কেটেপা ) খেলৰ প্ৰস্তুতিহে । ২৯ আৰু ৩০ অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে মৰিয়নিৰ বালিজান পাহাৰত অনুষ্ঠিত হ’ব কেটেপা খেল ৷ (Slingshot Competition will held in Mariani) ৷

Mariani MLA Rupjyoti Kurmi seen in Different way
হাতত কেটেপা আৰু এদল যুৱক যুৱতী লৈ জংঘলত বিচৰণ ৰূপজ্যোতি কুৰ্মীৰ

যোৰহাট, 16 অক্টোবৰ: ৰাজ্যৰ ৰাজনীতিৰ পৰা আতৰত সততে চৰ্চাত থকা এগৰাকী বিধায়ক ৷ বিভিন্ন সময়ত নিজৰ ব্যতিক্ৰমী ৰূপেৰে সততে চৰ্চাত থকা এগৰাকী বিধায়কক এইবাৰ আকৌ দেখা গ'ল আন এক ব্যতিক্ৰমী ৰূপত (Mariani MLA Rupjyoti Kurmi seen in Different way)। সকলোৰে পৰিচিত বিধায়কগৰাকীয়েই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

এইবাৰ হাতত কেটেপা লৈ হাবিত দেখা পোৱা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক (MLA Rupjyoti Kurmi seen in jungle with Slingshot) ৷ আজি দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেতেপা লৈ ঘূৰি ফুৰা পৰিলক্ষিত হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক । ইফালে বিধায়কগৰাকীৰ পিছে পিছে এদল যুৱক-যুৱতী আৰু সকলোৰে হাতত আছে একোখনকৈ কেটেপা । কিন্তু কিহৰ বাবে হাতত কেটেপা আৰু এদল যুৱকক লগত লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কিহৰ সন্ধানত বালিজান পাহাৰত । এয়া কোনো চিকাৰ নে আন কিবা ?

এতিয়া আহিছো মূল কথালৈ, আজি দিছৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ বালিজান পাহাৰত হাতত কেটেপা লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক ঘন জংঘলত কেটেপা লৈ বিচৰণ কৰা পৰিলক্ষিত হয় । কিন্তু এয়া আচলতে কোনো চিকাৰ বা অন্য একো নহয় । এয়া আচলতে Slingshot (কেটেপা ) খেলৰ প্ৰস্তুতিহে । অসম Slingshot সন্থাৰ আহ্বানত যোৰহাট জিলা Slingshot সন্থাৰ উদ্যোগত ২৯ আৰু ৩০ অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে মৰিয়নিৰ বালিজান পাহাৰত অনুষ্ঠিত হ’ব কেটেপা খেল (Slingshot Competition will held in Mariani) ৷

মৰিয়নিৰ বালিজান পাহাৰত অনুষ্ঠিত হ’বলগীয়া এই Slingshot (কেটেপা) প্ৰতিযোগিতাৰ বাবেই আজি এইদৰে বিধায়কগৰাকীৰ তত্বাৱধানত প্ৰস্তুতি চলাই থকা দেখা গ’ল । ইফালে উদযাপন সমিতিৰ সভাপতি হোৱাৰ বাবেই বিধায়ক কুৰ্মীক এনেদৰে হাতত কেটেপা লৈ কেটেপাৰ অনুশীলনত ব্যস্ত হৈ পৰা দেখা গ’ল । উল্লেখযোগ্য যে মৰিয়নি সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীক কেতিয়াবা যদি ভাওৰীয়া ৰূপত আন কেতিয়াবা আকৌ শিক্ষক তথা অভিনয় আদি ৰূপত দেখিবলৈ পোৱা যায় । কাৰণ মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে ব্যতিক্ৰমী ৰূপে ৰাজ্যবাসীক আপ্লুত কৰে ।

লগতে পঢ়ক: যুৱতীৰে ছেলফি উঠিব গৈ সুন্দৰ প’জ দিলে বিধায়ক ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.