মৰিয়নি , 23 নৱেম্বৰঃ শুকুৰবাৰে সন্ধিয়া মৰিয়নীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷ প্ৰাপ্ত তথ্য মতে, মৰিয়নীৰ নগাঁও নামৰ অঞ্চলটোত মৰিয়নীৰ পৰা নিউসোণোৱাল দিশে গৈ থকা যতীন চুতীয়া (৪৭) নামৰ চাইকেল আৰোহীজনক বিপৰীত দিশৰ পৰা অহা এখন স্কুটীয়ে খুন্দা মাৰে ফলত গুৰুতৰভাৱে আহত হয় স্কুটিখনৰ চালক ৰুবুল বৰাৰ লগতে চাইকেল আৰোহী যতীন চুতীয়া হয় ৷
আঘাতপ্ৰাপ্ত দুয়োজনকে 108 সেৱাৰ জৰিয়তে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও যাত্ৰা পথতেই নিহত হয় যতীন চুতীয়া ৷ আনফালে স্কুটী আৰোহী ৰুবুল বৰাক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷