তিতাবৰ, 20 মে' : তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা পেট্ৰ'ল ডিপোট এজন যুৱকৰ অতপালি ৷ পেট্ৰ'ল ডিপোৰ মেনেজাৰক ধমক দি লুটি লৈ গ'ল এক লাখকৈ টকা ৷ যুৱকজনৰ বেংক একাউণ্টত মাহিলী 50 হাজাৰকৈ ধন নিদিলে পেট্ৰ'ল ডিপোৰ তেল ভেজাল বুলি প্ৰচাৰৰ ধমক ৷
বৰহোলাৰ পেট্ৰ'ল ডিপোট শনিবাৰে অনাধিকাৰ প্ৰৱেশ কৰি মেনেজাৰক ধমক দি এক লাখকৈ টকা লুটি নিছিল সুজিত সন্দিকৈ নামৰ এজন যুৱকে ৷ পুনৰাই দেওবাৰে হাতত এখন দলিল লৈ পেট্ৰ'ল ডিপোৰ মেনেজাৰৰ কোঠাত প্ৰৱেশ কৰে সুজিত সন্দিকৈ নামৰ যুৱকজনে ৷ মেনেজাৰে যদিহে যুৱকজনৰ একাউণ্টত মাহিলী 50 হাজাৰকৈ ধন নিদিয়ে তেন্তে পেট্ৰ'ল ডিপোটোৰ তেল ভেজাল বুলি প্ৰচাৰ কৰাৰ হুমকি দি গুচি যায় যুৱকজনে ৷ যুৱকজনৰ হুমকিত ভীতিগ্ৰস্ত হৈ অৱশেষত বৰহোলা আৰক্ষীৰ ওচৰ চাপে পেট্ৰ'ল ডিপোটোৰ মেনেজাৰ ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় সোমবাৰে হাতে-লোটে ধৰা পেলায় যুৱকজনক ৷