ETV Bharat / state

মাজুলীৰ ঐতিহাসিক সত্ৰত গোঁসাই বিহু উদযাপন - মাজুলীৰ ঐতিহাসিক সত্ৰত গোসাই বিহু উদযাপন

মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি নীতিৰে বিহু পালন কৰিছে মাজুলীবাসীয়ে । ঐতিহাসিক এলেঙি নৰসিংহ সত্ৰত মাজুলীবাসীয়ে ১৯৪ বছৰীয়া কলিয়া গোঁসাইৰ স্নান উৎসৱ পালন কৰে । পুৱাৰে পৰা এই উৎসৱৰ বাবে মাজুলীত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে ৷ হৰিনামৰ ধ্বনি আয়তী সকলৰ নাম, সমূহীয়া নাম, বৰগীত, দিহানাম আদিৰ ধ্বনিৰ মুখৰিত হৈ পৰে মাজুলী ৷

মাজুলীৰ ঐতিহাসিক সত্ৰত গোসাই বিহু উদযাপন

author img

By

Published : Apr 16, 2021, 7:35 PM IST

মাজুলী, 16 এপ্ৰিল : মাজুলীৰ ৫০০ বছৰীয়া আধ্যাত্মিক পৰম্পৰা অক্ষুন্ন ৰাখি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাগত ৰীতি নীতিৰে মাজুলীবাসীয়ে সত্ৰসমূহত ব’হাগ বিহু উদযাপন কৰা পৰিলক্ষিত হয় ৷ মাজুলীৰ ঐতিহাসিক ৩৫ খন সত্ৰত ধৰ্মীয় ৰীতি নীতিৰে বিহু পালন কৰাৰ সমান্তৰালকৈ ব'হাগৰ দ্বিতীয় দিনা মাজুলীত গোঁসাই বিহু উদযাপন কৰা হয় ৷ উল্লেখ্য যে, গোঁসাই বিহু সাত বিহুৰ এক অন্যতম বিহু ৷

মাজুলীৰ ঐতিহাসিক সত্ৰত গোসাই বিহু উদযাপন

ঐতিহাসিক এলেঙি নৰসিংহ সত্ৰত মাজুলীবাসীয়ে ১৯৪ বছৰীয়া কলিয়া গোঁসাইৰ স্নান উৎসৱৰ আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা এই উৎসৱৰ বাবে এক উখল মাখল পৰিবেশে বিৰাজ কৰে । হৰিনামৰ ধ্বনি, আয়তী সকলৰ নাম, সমূহীয়া নাম, বৰগীত, দিহানাম আদিৰ ধ্বনিৰে জীপাল হৈ পৰা পৰিৱেশৰ মাজতে পুৱাই সত্ৰাধিকাৰ সমন্বিতে ভকত বৈষ্ণৱ সকলে কলীয়া গোঁসাইক পৰম্পৰাগত ভাৱে স্নান কৰায় । ইয়াৰ লগতে পৰম্পৰা অনুসৰি সত্ৰাধিকাৰ আৰু আই মাতৃ সেৱাৰ পৰম্পৰাও আজি পালন কৰা হয় । সকলো জীয়ৰী, বোৱাৰী, ডেকা, সত্ৰাধিকাৰ, বৈষ্ণৱ সকলে কুশল মংগলৰ বাবে সেৱা লোৱাৰ লগতে গোঁসাই সকলেও সকলোকে চুলি চিঙি আৰ্শীবাদ জনায় ।

উল্লেখ্য যে, মাজুলী আউনীআটী সত্ৰতো গোঁসাই বিহু উপলক্ষে প্ৰসংগীয়া নাম, সংকীৰ্তন, হিয়া নাম, নটুৱা গায়ন বায়ন আদি পৰিবেশন কৰা হয় আৰু সত্ৰাধিকাৰকো সকলোৱে সেৱা কৰে । অন্যান্য সত্ৰ সমূহৰ লগতে উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰতো পৰম্পৰা অনুসৰি মাজুলীবাসীয়ে বিহু উদযাপন কৰে । পুৱা সকলো ভকত-বৈষ্ণৱ, শিষ্য-প্ৰশিষ্য আহি গোঁসাইক সেৱা জনায় ।

লগতে পঢ়ক : পহিলা বহাগত ঘৰে ঘৰে গৈ মাহ-হালধি সানিলে দৰঙীয়াল গাঁৱৰ গঞাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.