টীয়ক, 25 ডিচেম্বৰ : টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত শুকুৰবাৰে মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অধিৱেশনৰ শুভাৰম্ভ কৰা হয় (22nd opening ceremony of maina parijaat at teok) ৷ দ্বা-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখন পুৱা পতাকা উত্তোলনৰে আৰম্ভ কৰা হয় (Maina Parijat in Teok) ৷
কাৰ্যসূচী অনুসৰি, মইনা পাৰিজাতৰ শিশুসকলৰ মাজত মাৰ্চ-পাষ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তাৰ পিছত অনুষ্ঠিত উদ্বোধনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ উক্ত সভাত কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট সমালোচক ড৹ অনিল শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷
মইনা পাৰিজাত উদযাপন সমিতিয়ে প্ৰস্তুত কৰা ‘থুপাকলি’ শীৰ্ষক এখনি গ্ৰন্থ আৰু মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ মুখপত্ৰ ‘শিশু জ্যোতি’ ৰ শুভ উন্মোচন কৰে ড৹ শইকীয়াই ৷ সভাত টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ দেওবাৰে এই অধিৱেশনৰ সামৰণি পৰিব ৷
লগতে পঢ়ক: আদাবাৰীত অত্যাধুনিক সা-সুবিধাযুক্ত অটল উদ্যান মুকলি