মৰিয়নি, 6 জুনঃ "দেবাশীষ গগৈৰ হত্যাকাণ্ডৰ ন্যায় বিছাৰিছে আছুৱে । এনে এক বৰ্বৰ ঘটনাত জড়িত সকলো দোষীয়েই উপযুক্ত শাস্তি পাব লাগিব । দেবাশীষে ন্যায় পাবই লাগিব । দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব ।"- মৰিয়নিৰ নকছাৰী মিল গাঁৱৰ প্ৰয়াত দেবাশীষ গগৈৰ ঘৰত উপস্থিত হৈ হত্যাকাৰীৰ শাস্তি বিচাৰি এই ব্যক্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ প্ৰয়াত দেবাশীষ গগৈৰ ঘৰত উপস্থিত হৈ ছাত্ৰ নেতা জনে পিতৃ মাতৃ আৰু জ্যেষ্ঠা ভগ্নীক সাক্ষাৎ কৰি তেওঁলোকক সমবেদনা জনায় ৷
এটাৰ পিছত আন এটাকৈ ইমানবোৰ ঘটনা সংঘটিত হোৱা বাবে চৰকাৰক সমালোচনা কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে লুৰিণজ্যোতি গগৈয়ে ৷
![দেবাশীষৰ পিতৃৰ সৈতে লুৰিণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/marianilurinjyotigogoi_05062020224401_0506f_1591377241_512.jpg)
ছাত্ৰ নেতা জনে গণপ্ৰহাৰৰ ঘটনাৰ বাবে বিধানসভাত কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ লগতে, এনে ধৰণৰ কাৰ্য সংঘটিত কৰা লোকক অসুৰ আখ্যা দিয়ে গগৈয়ে ৷
লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, সাংস্কৃতিক সম্পাদক অনিল গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপ জ্যোতি গগৈ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ ভূঞা, সাধাৰণ সম্পাদক জিতু নেওগ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আদি বহু কেইজন ছাত্ৰ নেতায়ো দেবাশীষৰ গৃহত উপস্থিত হৈ শোকাকুল পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ লক ডাউনঃ 90 দিনৰ অন্তত নিজ শিশুটিক কাষত পাই উৎফুল্লিত পিতৃ-মাতৃ