টীয়ক, 4 মে: দেওবাৰে যোৰহাট জিলাৰ টীয়কৰ অন্তৰ্গত জাঁজীমুখত আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপৰ তীব্ৰ সমালোচনা কৰে।
"বিগত ১৪/১৫ বছৰে একেগৰাকী ব্যক্তিৰ হাততে থকা স্বাস্থ্য বিভাগটোৰ উন্নতি হোৱাৰ বিপৰীতে পয়ালগা স্বৰূপ বিপদৰ সময়ত উন্মোচিত হৈছে গতিকে আগন্তুক দিনত বিষয়টোৰ ওপৰত অসমৰ ৰাইজে পৰ্যালোচনা কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷
ইয়াৰোপৰি "CAA" আন্দোলৰ বাবে অসমত বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল যাৰ বাবে কৰ'ণা সংক্ৰমণে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ নকৰিলে । উক্ত আন্দোলনৰ বাবে বিদেশী পৰ্যটক অসমৰ পৰিবৰ্তে দেশৰ যি কেইখন ৰাজ্যত ভিৰ কৰিলে সেই কেইখন ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ঘটি বহু লোক আক্ৰান্ত হৈছে ৷ অসমৰ ৰাইজে গঢ়া গণ আন্দোলনৰ বাবে বিপদৰ পৰা হাত সাৰিলে ৰাজ্যবাসী ৷ সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়াই ৰাইজক ধন্যবাদ জ্ঞাপন কৰে লুৰিণ জ্যোতি গগৈয়ে । ।