টীয়ক,৯ আগষ্ট : জৰাজীৰ্ণ পথৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভূগিছে টীয়কৰ ৰাইজে । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে টীয়কৰ কলিয়াপানী-চেলেংহাট সংযোগী গড়কপ্তানি পথটোৱে এতিয়া ভাঙি ছিগি বিধ্বস্ত ৰূপ লৈছে (Dilapidated road in Teok)। ফলস্বৰূপে পথটোৰে নিতৌ হাজাৰ হাজাৰ লোক বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয় ।
আনকি জৰাজীৰ্ণ পথটোত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ বহু লোক ঘূণীয়া হৈছে । পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা নোলোৱাত ৰাইজে ওলাই আহি পথটো মেৰামতি কৰিছে (Locals built road in Teok)। চৰকাৰলৈ বাট নাচায় এজাক বৰষুণতে বিধ্বস্ত হৈ পৰা গড়কপ্তানি পথটোৰ কলিয়াপানী তিনিআলিৰ পৰা প্ৰায় এক কিলোমিটাৰ অংশ কলিয়াপানী বৰনামঘৰ পৰিচালনা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত নিজাববীয়াকৈ মেৰামতি কৰিছে ।
উল্লেখ্য যে ঐতিহাসিক আউনীআটি সত্ৰ, নিৰ্মীয়মান চৰকাৰী আইন মহাবিদ্যালয়, প্ৰস্তাৱিত মহিলা বিশ্ববিদ্যালয়, কৃষি বিকাশ কেন্দ্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানলৈ প্ৰায় হাজাৰৰো অধিক লোকে অহা-যোৱা কৰা এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে ৰাইজ ।
প্ৰশাসনকো বহুবাৰ আবেদন জনাইছে ৰাইজে । কিন্তু কোনো গুৰুত্ব নিদিয়াত স্থানীয় ব্যৱসায়ী তথা সমাজ কৰ্মী প্ৰতাপ শইকীয়াৰ নেতৃত্বত স্থানীয় ৰাইজে বিশৈষকৈ পবিত্ৰ ভাদ মাহত সত্ৰ তথা কলিয়াপানী বৰনামঘৰৰ বিভিন্ন কাৰ্যসূচীত ভক্ত বৈষ্ণৱ অহা যোৱাত সুবিধা হোৱাকৈ গাঁঠিৰ ধন খৰচ কৰি উক্ত পথটো মেৰামতি কৰাত ব্যস্ত হৈ পৰিছে ।
লগতে পঢ়ক :Majuli police in Moran: মৰাণৰ হোটেলত মাজুলী আৰক্ষীৰ অভিযান