যোৰহাট,16 ফেব্ৰুৱাৰী: বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে মঙলবাৰে ৰাজ্যজুৰি সৃষ্টি হয় উখল-মাখল পৰিৱেশ ৷ পুৰোহিতৰ মন্ত্ৰ ধ্বনিত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় প্ৰতিখন শিক্ষানুষ্ঠানৰ চৌহদত ৷ ইয়াৰ মাজতে যোৰহাটৰ ৰাজপথত হৰ্ঠাৎ আৱিৰ্ভাৱ জীৱন্ত নাৰদ আৰু সৰস্বতী দেৱীৰ ৷
সৰস্বতী পুজাৰ দিনটোতে স্বৰ্গৰ পৰা নামি আহিল জীৱন্ত সৰস্বতী আৰু নাৰদ ৷ দুয়ো দেৱ-দেৱীয়ে মিলি পথেৰে পাৰ হোৱা প্ৰতিগৰাকী পথিকক বুজালে ৰাজপথত লব লগা সাৱধানতাৰ কথা ৷ এই জীৱন্ত নাৰদ আৰু সৰস্বতী দেৱীক চাবলৈ ৰাজপথত ভিৰ কৰিলে অসংখ্য ৰাইজে ৷
প্ৰকৃততে এইয়া আছিল 32 তম পথ সুৰক্ষা সপ্তাহ উপলক্ষে ৰাইজক সজাগ কৰা বাবে আয়োজন কৰা এক বাটৰ নাট ৷ যোৰহাট বৰুৱা চাৰিআলিত গীত গাই গাই পৰিভ্ৰমণ কৰি নাৰদে বুজালে পথত মানি চলিবলগীয়া সাৱধানতাৰ কথা ৷