ETV Bharat / state

ক্ৰমাৎ হ্ৰাস পাইছে বিষাক্ত সুৰাৰ আতংক

author img

By

Published : Feb 25, 2019, 2:35 PM IST

বৰ্তমানেও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ২৪৭ গৰাকী আক্ৰান্ত

সুৰা আতংক

যোৰহাট, ২৫ ফেব্ৰুৱাৰীঃক্ৰমাৎ শাম কটাৰ দিশে বিষাক্ত সুৰাৰ আতংক । ২২ ফেব্ৰুৱাৰীৰ পৰা বিষাক্ত চুলাই সেৱন কৰি গোলাঘাট আৰু যোৰহাটত ডেৰশতকৈ অধিক লোকে প্ৰাণ হেৰুৱাৰ পাচত বৰ্তমানে কিছু শাম কাটিছে সুৰাৰ আতংক । যদিও তাৰ মাজতে নতুনকৈ উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আহি আছে আক্ৰান্ত ৰোগী। চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ২৪৭ গৰাকী আক্ৰান্ত ৰোগী । ইয়াৰে ২২০ গৰাকী পূৰুষ, ২৭ গৰাকী মহিলা । মহিলাসকলৰ ভিতৰত যোৰহাট জিলাৰ ১৭ গৰাকী আৰু গোলাঘাট জিলাৰ ১৬ গৰাকী আৰু পুৰুষৰ ভিতৰত যোৰহাটৰ জিলাৰ ১৪৫ গৰাকী আৰু ৭৫ গৰাকী গোলাঘাট জিলাৰ । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৭৮ জনৰ । ইয়াৰ ভিতৰত ২২ জনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে আদবাটতে মৃত্যুক আঁকোৱালি লৈছিল বুলি জানিবলৈ দিয়ে চিকিৎসকে । বৰ্তমানেও সংকটজনক ৮ গৰাকী ৰোগীৰ অৱস্থা ।

সুৰা আতংক
আনহাতে অবৈধভাৱে প্ৰস্তুত কৰা চুলাইত "মিথাইল"জাতীয় বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ ফলতে শৰীৰত বিভিন্ন ভয়ানক পাৰ্শ্বক্ৰিয়াসংঘটিত হৈ মৃত্যু মুখত পৰা বুলি উল্লেখ কৰে চিকিৎসকে ।

যমদুত বিষাক্ত চুলাই মৃত্যুৰ হাতোৰা শাম কাটিছে।।

ক্ৰমান্বয়ে হ্ৰাস পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা।।এক প্ৰকাৰৰ গণ মৃত্যুৰ শাম কটাৰ দিশত।।ডেৰশ কৈ অধিক লোকৰ প্ৰাণ গল গোলাঘাট আৰু যোৰহাটৰ বৰহোলাত।নিশেষ হল একো একোখন সপোনৰ ঘৰ।কোনো হল ঘাট-মাউৰা।কোনো পিতৃহীন,কোনো হল বিধৱা, কোনোৱে আকৌ পৰিয়ালৰ সকলো কে হেৰুৱাই পেলালে।শতিকাৰ কৰূণ ঘটনা।আজি পৰিস্থিতিৰ কিছু শাম কাটিছে যদিও নতুনকৈ আক্ৰান্ত লোক আহি আছে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।গোলাঘাট জিলাৰ পৰা যোৱা নিশা আৰু পূৱাৰ ভাগতে আহিছে কেইবাগৰাকী আক্ৰান্ত ৰোগী।

ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানেও চিকিৎসাধৰণৰ ন ২৪৭ গৰাকী।ইয়াৰে ২২০ গৰাকী পূৰুষ,২৭ গৰাকী মহিলা।
মহিলা সকলৰ ভিতৰত যোৰহাট জিলাৰ ১৭ গৰাকী আৰু গোলাঘাট জিলাৰ ১৬ গৰাকী।পুৰুষৰ ভিতৰত যোৰহাটৰ জিলাৰ ১৪৫ গৰাকী আৰু ৭৫ গৰাকী গোলাঘাট জিলাৰ।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭৮ জনৰ মৃত্যু হয়।আনহাতে ৭৮ জনৰ ভিতৰত ২২ জনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাত আদ-বাটতে মৃত্যুত আকোঁৱালি লৈছিল।
উল্লেখযোগ্য যে বৰ্তমান সময়তো যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৮ গৰাকী ৰোগীৰ অৱস্থা সংকট জন।ইয়াৰ পৰা অনুমান কৰিব পাৰি মৃতকৰ হাৰ আৰু বৃদ্ধি পাব পাৰে অনাগত সময়ত।

উল্লেখ যিসকলৰ ইতিমধ্যেই মৃত্যু ঘটিছে বা যিসকলৰ অৱস্থা শোচনীয় এই সকলো দিশ পয্যবেশন কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে Etv Bharat জনোৱা মতে অবৈধ ভাৱে প্ৰস্তুত কৰা চুলাই ত "মিথানল"জাতীয় বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ।যাৰফলত শৰীৰত বিভিন্ন ভয়ানক পাৰ্শক্ৰীয়া সংঘটিত হৈ মৃত্যু মুখত পৰে।

byte:চিকিৎসাক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.