ETV Bharat / state

সুৰা ট্ৰেজেডী : মুকলি কৰা হ'ল ক্ষতিপূৰণৰ ধন

author img

By

Published : Mar 4, 2019, 11:55 PM IST

মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ

সুৰা ট্ৰেজেডী : মুকলি কৰা হ'ল ক্ষতিপূৰণৰ ধন

যোৰহাট, ৪ মাৰ্চ : বিষাক্ত সুৰা সেৱন কৰি যোৰহাট আৰু গোলাঘাটত মৃত্যু হোৱা ডেৰ শতাধিক লোকৰ মাজত যোৰহাটৰ ৬০ জন মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণৰ ধন মুকলি । যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপৰাঞ্জেয় কৰাটীয়ে এক সংবাদমেলযোগে কথা অৱগত কৰে এই কথা । মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ইতিমধ্যে মুকলি কৰি দিয়াৰ লগতে বহু হিতাধিকাৰিৰ বেংকৰ একাউন্ট নথকাৰ বাবে এই ধন দিব পৰা হোৱা নাই বুলিও মত প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে । ইপিনে সুৰা ট্ৰেজেডীৰ তদন্তৰ প্ৰতিবেদন এতিয়াও ৰাজহ চক্ৰ বিষয়া মিতালী লাহনে দাখিল নকৰাৰ কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ।

*সুৰা ট্ৰেজেডীঃ জিলা উপায়ুক্তৰ সংবাদমেল*

বিগত কেইদিন মান পূৰ্বে বিষাক্ত সুৰাৰ সেৱন কৰি যোৰহাট আৰু গোলাঘাট জিলাত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছত আজি যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৰৌটিয়ে এক সংবাদ মেল যোগে যোৰহাটৰ ৬০ জন মৃতকৰ ক্ষতিপুৰণৰ ধন ইতিমধ্যে মুকলি হ'ল বুলি উল্লেখ কৰে। তেওঁ কয় যে মৃতকসকলৰ বাবে চৰকাৰে ২ লাখ টকাকৈ ইতিমধ্যে মুকলি কৰি দিছে। বহু হিতাধিকাৰিৰ বেংকৰ একাউন্ট নথকাৰ বাবে এই ধন দিব পৰা হোৱা নাই। আনহাতে তেওঁ লালীগুড় ব্যবসায় কৰিবৰ বাবে কোনো অনুজ্ঞা পত্ৰৰ প্ৰয়োজন নহয় বুলি কয়। যদিহে কোনো লালীগুড় ১৪৪ ধাৰ ভংগ কৰে তেনেহলে সেয়া আইন মতে দণ্ডনীয় হব বুলি উল্লেখ কৰে। উল্লেখ্য যে,  ৰাজহ চক্ৰ বিষয়া মিতালী লাহনে যোৰহাট সুৰা ট্ৰেজেডীৰ এতিয়ালৈকে তদন্তৰ প্ৰতিবেদন দাখিল কৰা নাই বুলিও উল্লেখ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.