ETV Bharat / state

মৰিয়নীত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

author img

By

Published : Apr 5, 2021, 3:08 PM IST

মৰিয়নীৰ নিউ সোণোৱাল চাহ-বাগিছাত উদ্ধাৰ হৈছে নাহৰফুটুকীৰ মৃতদেহ ৷ কোনো দুস্কৃতিকাৰীয়ে নলাত আবদ্ধ হৈ থকা বাঘটোক হানি-খুচি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

leopard-deadbody-recovred-in-mariani
মৰিয়নীত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

মৰিয়নী, 5 এপ্ৰিল : মৰিয়নীৰ নিউ সোণোৱাল চাহ-বাগিছাত উদ্ধাৰ হৈছে এটা নাহৰফুটুকীৰ মৃতদেহ ৷ বাগিছাখনৰ ১০ নং বাগান লাইনৰ সমীপত সোমবাৰে বাগিছাৰ চকীদাৰে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে নাহৰফুটুকীটো ৷ পৰৱৰ্তী সময়ত বাগিছাৰ কতৃপক্ষই নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ক ঘটনাটো অৱগত কৰে ৷ যাৰ পাছতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

নাহৰফুটুকীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কোনো দুস্কৃতিকাৰীয়ে নলাত আবদ্ধ হৈ থকা বাঘটোক হানি-খুচি হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক: আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.