ETV Bharat / state

Nilmani Phookan:আপোনালোকে জানেন কাব্যঋষি নীলমণি ফুকনৰ অন্তিমটো ইচ্ছা কি আছিল ? - জ্ঞানপীঠ বঁটা

কাব্যঋষি নীলমণি ফুকনৰ অন্তিম ইচ্ছা পূৰণ কৰিলে পুত্ৰই । শেষত ক’লে নৈয়েই তেওঁৰ জীৱনৰ প্ৰেম আছিল ৷ দেউতাই বিচাৰিছিল...

last wish of nilmani phookan
নীলমণি ফুকনৰ অন্তিমটো ইচ্ছা
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 6:46 PM IST

নীলমণি ফুকনৰ অন্তিমটো ইচ্ছা

যোৰহাট, 26 আগষ্ট : এক আৱেগিক মুহূৰ্ত, পুত্ৰই পূৰণ কৰিলে পিতৃৰ অন্তিমটো ইচ্ছা ৷ পিতৃৰ শেষৰটো ইচ্ছা পূৰণৰ সাৰ্থকতাৰ সন্তুষ্টি পুত্ৰৰ মুখত বাৰুকৈয়ে স্পষ্টকৈ দেখা পোৱা গৈছে ৷ কাব্যঋষি নীলমণি ফুকনৰ শেষৰটো ইচ্ছা পূৰণ কৰিলে পুত্ৰই । কাব্যঋষিৰ অস্থি বিসৰ্জন দিলে গেলাবিল, ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ নৈৰ বুকুত ৷

২০২৩ চনৰ ১৯ জানুৱাৰীত পৃথিৱীৰ পৰা চিৰ বিদায় লৈছিল নীলমণি ফুকনে । কাব্যঋষি হিচাপে খ্যাত নীলমণি ফুকনে শৈশৱ কৈশোৰ যৌৱনৰ সোণালী সময়বোৰ পাৰ কৰিছিল দেৰগাঁৱত । দেৰগাঁৱৰ সৈতে কবিগৰাকীৰ আছিল একাত্মবোধ । যাৰ বাবেই হয়তো কাব্যঋষিগৰাকীয়ে পুত্ৰক কৈছিল মোৰ মৃত্যুৰ পাচত অস্থি বিষৰ্জন দিব লাগিব ভৰ বাৰিষা গেলাবিল,ধনশিৰি আৰু ব্ৰহ্মপুত্ৰ নদীত ।

পিতৃৰ আজ্ঞা পালন কৰি কবিৰ ইচ্ছাক সন্মান জনাই শনিবাৰে পুত্ৰ অমিতাভ ফুকনে কবিগৰাকীৰ অস্থি বিষৰ্জন দিবলৈ উপস্থিত হয়হি দেৰগাঁৱত । দেৰগাঁৱৰ গেলাবিল নদী, ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীত কবি গৰাকীৰ অস্থি বিষৰ্জন দি পুত্ৰ দায়িত্ব পালন কৰে অমিতাভ ফুকনে । এই সময়ছোৱাত উপস্থিত থাকে কবিগৰাকীৰ সহধৰ্মিনীৰ লগতে একাংশ দেৰগঁঞা ৰাইজ ।

উল্লেখ্য যে, কাব্যঋষি নীলমণি ফুকনৰ 1933 চনৰ 10 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম হৈছিল ৷ তেওঁ ইতিহাস বিষয়ত 1961 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । 1950 চনৰ পৰাই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল । 1964 চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু 1992 চনত অৱসৰ গ্ৰহণ কৰে ।

কবিতা শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে প্ৰয়াত নীলমণি ফুকনে 1981 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । 1990 চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হয় এইগৰাকী মনীষীক ৷ ইয়াৰোপৰি 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমি ফেল’ 2002 চনত প্ৰদান কৰা হয় ।

কবি ফুকনক 2019 বৰ্ষৰ 19 আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘‘ডি লীট’’ উপাধি প্ৰদান কৰে । নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে 2021 চনত নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰে ৷ জ্ঞানপীঠ বঁটা লাভ কৰা কবি নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক । নীলমণি ফুকন আছিল অসমীয়া ভাষাৰ এগৰাকী শ্ৰেষ্ঠ কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক । তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’’, 'কবিতা', আৰু ‘‘গোলাপী জামুৰ লগ্ন’’ ।

লগতে পঢ়ক : Nilmani Phookan letter: খোল খালে কবি নীলমণি ফুকনৰ বহুচৰ্চিত বন্ধ খামৰ চিঠি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.