ETV Bharat / state

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ণৱ কিশোৰ বৰদলৈৰ

author img

By

Published : Sep 10, 2020, 9:20 PM IST

বাঘজানৰ তৈলখাদত কৰ্তব্যৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল অইলৰ সুদক্ষ বৈদ্যুতিক অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈয়ে ৷ বৃহস্পতিবাৰে যুৱ অভিযন্তাগৰাকীৰ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

last tribute to arnab kishore bardoloi titabar jorhat assam etv bharat news
অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ণৱ কিশোৰ বৰদলৈৰ

তিতাবৰ,10 ছেপ্তেম্বৰ: বুধবাৰে বাঘজানৰ তৈলখাদত কৰ্তব্যৰত অৱস্থাত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল অইলৰ সুদক্ষ বৈদ্যুতিক অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈয়ে ৷ যোৰহাটৰ তিতাবৰৰ সুযোগ্য সন্তান বৰদলৈৰ নশ্বৰদেহ বৃহস্পতিবাৰে তিতাবৰস্থিত বাসগৃহলৈ অনা হয় ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰদলৈৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত নশ্বৰদেহ তিতাবৰৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে বিৰাজ কৰে এক শোকাকুল পৰিৱেশে ৷

তিতাবৰত প্ৰয়াত অভিযন্তাগৰাকীৰ মৃতদেহত পৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।উল্লেখ্য যে,যুৱকগৰাকীৰ অকাল মৃত্যুত তিতাবৰবাসীয়ে এগৰাকী সুদক্ষ অভিযন্তাই নহয় দক্ষ চিত্ৰ শিল্পীকো হেৰুৱালে বুলি দুখ প্ৰকাশ কৰে । অৰ্ণৱে চিত্ৰ অংকনৰ জৰিয়তে বিভিন্নগৰাকীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা বিজিত বৰদলৈ আৰু মণিকা বৰদলৈৰ একমাত্ৰ পুত্ৰ সন্তান অৰ্ণৱ কিশোৰ বৰদলৈৰ বাসগৃহতে মৃতদেহৰ অন্তিম সৎকাৰ সম্পন্ন কৰা হয় ৷

লগতে চাওকঃ শোণিতপুৰৰ বৰছলা বিলত 3 গৰাকী লোকৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.