ETV Bharat / state

অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক মুুক্তিৰ দাবীৰে যোৰহাটত কৃষক মুক্তিৰ প্ৰতিবাদ

কৃষকনেতা অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক উন্নত চিকিৎসা প্ৰদানৰ লগতে, তেওঁলোকক কাৰাগাৰৰ পৰা অতি মুকলি কৰাৰ দাবীৰে বৃহস্পতিবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

author img

By

Published : Jul 9, 2020, 8:21 PM IST

kmss protest in jorhat
kmss protest in jorhat

যোৰহাট, 9 জুলাইঃ বৃহস্পতিবাৰে যোৰহাটত কৃষকনেতা অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক উন্নত চিকিৎসা প্ৰদানৰ লগতে, তেওঁলোকক মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৷ প্ৰতিবাদকাৰী সকলৰ মতে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ভাগ লৈ আইন খনৰ বিৰোধিতা কৰাৰ বাবে কৃষক নেতা অখিল গগৈৰ লগতে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰকে ধৰি তেওঁৰ সহযোগী সকলক দিৰ্ঘদিনে কাৰাবন্দী কৰি ৰখা হৈছে ৷ শেহতীয়াকৈ কৰা স্বাৱ পৰীক্ষাৰ অন্তত সম্প্ৰতি আটাইকেইগৰাকী কৃষক নেতাৰ দেহত কৰ'ণাৰ লক্ষণ দেখা দিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ বুধবাৰ নিশা বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, তেওঁলোকক ৰোগী হিচাপে নহয় কাৰাবন্দী হিচাপেহে অনা হৈছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে সেই সময়ছোৱাত তেওঁলোকক আলাই-আথানি কৰি এখনৰ পিচত আনখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল বুলিও তেওঁলোকে অভিযোগ কৰে ৷

অখিল গগৈসহ তেওঁৰ সতীৰ্থসকলক মুুক্তিৰ দাবীৰে যোৰহাটত কৃষক মুক্তিৰ প্ৰতিবাদ

যাৰ বাবে বৃহস্পতিবাৰে সমগ্ৰ অসমৰ লগতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সদস্য সকলে ৷ তেওঁলোকে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা এই সকল কাৰাবন্দীক হত্যা কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ লগতে সৌৰভ বৰাৰ হত্যাকাণ্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল বুলি দোষাৰূপ কৰি, এই হত্যাকাণ্ডৰ লগত জড়িত লোকে যে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলক হত্যা নকৰিব তাৰ কোনো বিশ্বাস নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰে ক্ষমতা তথা গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোককো হত্যা কৰিব পাৰে বুলি ক্ষোভ উজাৰে ৷ সেয়ে অতি শীঘ্ৰেই অখিল গগৈৰ লগত সকলো কাৰাবন্দীকে মুকলি কৰি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা আগন্তুত দিনত তেওঁলোকে ৰূপায়ন কৰা প্ৰতিবাদৰ জুইত সোণোৱাল চৰকাৰ জাহ যাব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়কঃ কেইবাটাও সমস্যা সমাধানৰ দাবীৰে বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.