যোৰহাট,8 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সম্প্ৰতি উত্তাল সমগ্ৰ ৰাজ্য ৷ বিগত প্ৰায় 7 মাহে কাৰাবন্দী হৈ আছে সংগঠনটোৰ নেতাগৰাকী ৷ কিছুদিনপূৰ্বে গগৈৰ দেহত কৰ’ণা ভাইৰাছৰ লক্ষণসমূহ দেখা দিয়াত স্বাভাৱিকতে উৎকণ্ঠিত হৈ পৰিছে অখিল গগৈৰ পৰিয়াল ৷ কিন্তু ইয়াৰ পিছতো নেতা গৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে ৷
চৰকাৰৰ উক্ত ভূমিকাৰ বাবে সম্প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ কেইবাটাও দল-সংগঠন ৷ লগতে কৃষক নেতাগৰাকীৰ মুক্তিৰ আহ্বান জনাইছে চৰকাৰক ৷ চৰকাৰে একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে গগৈক মুক্তি নিদিয়া বুলি স্পষ্ট অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ গগৈৰ মুক্তিৰ দাবীৰে বুধবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে । প্ৰতিবাদী দলটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত মানৱ শৃংখল প্ৰদৰ্শনেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চৰকাৰে শীঘ্ৰে অখিল গগৈ সহিতে কা বিৰোধী আন্দোলনৰ কাৰাবন্দীসকলক মুকলি কৰি নিদিলে পৰৱৰ্তী সময়ত জংগীৰ পৰা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সংগঠন দুটাই ৷
লগতে চাওকঃ গোগামুখত প্ৰতিবাদকাৰীৰে বাক বিতণ্ডাত লিপ্ত আৰক্ষী