ETV Bharat / state

প্ৰথমে ফেচবুকত চিনাকী, তাৰ পাচত প্ৰেম: শেষত ভণ্ড প্ৰেমিকে অপহৰণ কৰিলে প্ৰেমিকাক ! - Bokakhat

সামাজিক মাধ্যমৰ জৰিয়তে চিনাকী হোৱা ব্যক্তিৰে বন্ধুত্ব গঢ়োতে সাৱধান ৷ (Girl kidnapping) ফেচবুকত চিনাকী হোৱা ব্যক্তিয়ে টীয়কৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে (Teok) ৷ ঘটনাৰ সন্দৰ্ভত টীয়ক আৰক্ষীক থানাত (Teok Police) এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ৷

Kidnapping of Girl in Teok
ভণ্ড প্ৰেমিকে অপহৰণ কৰিলে টীয়কৰ এগৰাকী যুৱতীক
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:26 PM IST

ভণ্ড প্ৰেমিকে অপহৰণ কৰিলে টীয়কৰ এগৰাকী যুৱতীক

টীয়ক, 16 ডিচেম্বৰ : সামাজিক মাধ্যমৰ জৰিয়তে চিনাকী হোৱা ব্যক্তিৰে বন্ধুত্ব গঢ়োতে সাৱধান ৷ অন্যথা বিপদৰ সন্মুখীন হ’ব ৷ কাৰণ সামাজিক মাধ্যমত চিনাকী হোৱা ব্যক্তিয়ে এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনা সংঘটিত হৈছে টীয়কত ৷ ঘটনা অনুসৰি, ফেচবুকৰ জৰিয়তে টীয়কৰ এগৰাকী এগৰাকী যুৱতীয়ে বন্ধুত্ব গঢ়ি তুলিছিল বোকাখাটৰ আৰিয়ান হক নামৰ যুৱকৰ সৈতে ৷ সেই বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ৷ আনকি বিয়া পৰ্যন্তলৈ আগবাঢ়িছিল ৷ আৰিয়ান হকে যোৰহাটস্থিত অসম ফাৰ্ণিচাৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ বুলিও যুৱতীগৰাকীক পৰিচয় দিছিল ৷ কিন্তু ফেবুকত নিজকে আৰিয়ান হক বুলি পৰিচয় দিয়া যুৱকজনৰ প্ৰকৃত নাম আছিল মহম্মদ ৰাজু ৷

কিন্তু ‘‘মিছা কথাৰ ঠেং চুটি’’ ৷ যেতিয়া মহম্মদ ৰাজু ওৰফে আৰিয়ান হকৰ সকলো কু-কৰ্মৰ কথা গম পালে আহিল তেতিয়াই টীয়কৰ যুৱতীগৰাকীয়ে সম্পৰ্ক বিচ্ছেদ কৰিছিল মহম্মদ ৰাজু ওৰফে আৰিয়ান হকৰ সৈতে ৷ তাৰ পাচতে যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক হকে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷ সেয়ে 11 ডিচেম্বৰত যেতিয়া কৰ্মস্থলী গৈ আছিল তেতিয়া মহম্মদ ৰাজুৱে টীয়কৰ যুৱতীগৰাকীক অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

এই ক্ষেত্ৰত স্থানীয় ৰাইজে কয়, ‘‘সামাজিক মাধ্যমৰ জৰিয়তে বোকাখাটৰ আৰিয়ান হক নামৰ যুৱকৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল যুৱতীগৰাকীয়ে ৷ বন্ধুত্ব, প্ৰেম, তাৰ পাচত যুৱতীগৰাকীক বিয়াৰ প্ৰাস্তৱ দিছিল যুৱকজনে ৷ নিজকে যোৰহাটস্থিত অসম ফাৰ্ণিচাৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ বুলি পৰিচয় দিয়া আৰিয়ানৰ প্ৰস্তাৱ শুনি আনন্দিত হৈছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোক ৷ কিন্তু যেতিয়া যোৰহাটস্থিত অসম ফাৰ্ণিচাৰ ব্যৱসায় প্ৰতিষ্ঠানত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে উপস্থিত হ’ল তেতিয়াই সকলো কথা স্পষ্ট হৈ পৰিল ৷ তেতিয়াই জীয়ৰীক বিয়া দিয়াৰ যি সিদ্ধান্ত আছিল সেয়া বাতিল কৰিছিল যুৱতীগৰাকীৰ পিতৃয়ে ৷ ইয়াৰ পাচৰে পৰা অৰ্থাৎ 11 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকী ৷’’

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত টীয়ক আৰক্ষীক থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ৷ ইফালে, সম্পৰ্ক বিচ্ছেদ কৰাত ৰাজুৱে যুৱতীগৰাকীক বলপূৰ্বকভাৱে লৈ যোৱা হ’ব বুলি যুৱতীগৰাকীৰ পৰিয়ালটোক মানসিকভাৱে হাৰাশাস্তি চলায় আহিছিল বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালে ৷ সেয়ে উক্ত দিনা ৰাজুৱে যুৱতীগৰাকীক অপহৰণ কৰি এতিয়া কোনো অজ্ঞাত স্থান ৰাখি যুৱতীগৰাকীক মানসিক তথা শাৰীৰিক অত্যাচাৰ চলাইছে বুলি সন্দেহ কৰিছে পৰিয়ালটোৱে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : টীয়কত শূণ্যলৈ গুলীচালনা, তদন্ত আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.