ETV Bharat / state

Achievment of Journalist Jeetu Kalita: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল যোৰহাটৰ সাংবাদিক জিতু কলিতা - Documentary on the life of Ganesh Barrier

চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ পৰা বঞ্চিত 'বামন' গণেশক লৈ তথ্যচিত্ৰ নিৰ্মাণ । আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল লেখক তথা যোৰহাটৰ সাংবাদিক জিতু কলিতা । টাইৱানৰ ৰাষ্ট্ৰপতিৰ কান্ধত গুজি দিলে অসমীয়াৰ স্বাভিমান গামোচা ।

Journalist Jeetu Kalita shines in international context
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল যোৰহাটৰ সাংবাদিক জিতু কলিতা
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 2:02 PM IST

যোৰহাট, ২৪ ছেপ্টেম্বৰ: উত্তৰ যোৰহাটৰ বাহনাৰ কৃষি প্ৰধান অঞ্চলৰ পৰা গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লেখক-সাংবাদিক তথা পৰিৱেশ কর্মী জিতু কলিতাই । ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৪ বাৰৰ ভিতৰত তিনিবাৰে সফলভাৱে ভাৰতৰ হৈ টাইৱানত প্ৰতিনিধিত্ব কৰিছিল ৷ ক'ভিডৰ বাবে এবছৰ বাদ পৰিছিল ৷ বিগত সময়ত অসম, বিহাৰ, মহাৰাষ্ট্ৰ, আৰু শেহতীয়াকৈ এই বৰ্ষত গুজৰাটৰ সংবাদ প্ৰতিবেদৰ বাবে কলিতাই টাইৱানত ১৫ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আয়োজিত চি টি কে এডুকেছন ফ্ৰাউণ্ডেচনৰ আন্তঃৰাষ্ট্ৰীয় সভাত অংশগ্ৰহণৰ কৰে ৷

Journalist Jeetu Kalita shines in international context
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল যোৰহাটৰ সাংবাদিক জিতু কলিতা

সভাকক্ষত ভাৰতীয় হৈ গুজৰাটৰ ভাব নগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এজন মেধাবী ছাত্ৰ মাত্ৰ ৩ফুট উচ্চতা হোৱাৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা বাদ পৰিছিল ৷ মেডিকেল ব'ৰ্ডে পাঠ্যক্ৰমৰ পৰা বঞ্চিত কৰা কাহিনীটো সহজ নাছিল ৷ যিটো বিষয় ভাৰততে খলকনি লগোৱাই নহয় বিশ্বটো নতুন বিষয় হিচাপে প্ৰতিষ্ঠা হৈছে ৷ কাৰণ ছাত্ৰ অৱস্থাত ন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাহস কোনেও নকৰে ৷ তেনে অৱস্থাত চিকিৎসা বিজ্ঞানৰ পৰা বঞ্চিত হোৱাৰ বাবে গণেশ বেৰিয়া নামৰ সাধাৰণ খেতিয়কৰ পৰিয়ালৰ যুৱকজনে গুজৰাটৰ উচ্চ ন্যায়ালয়ত বিষয়টোৰ ওপৰত গোচৰ দিয়ে ৷

কিন্তু গণশে তাৰ পৰা কোনো সকাহ নাপাই অৱশেষত উচ্চতম ন্যায়ালয়লৈ যাব লগা হ'ল ৷ কিছুদিন পাছত উচ্চতম ন্যায়ালয়ে গণেশৰ ঘটনাটোক লৈ সাপেক্ষে ৰায় দিয়ে ৷ ২০১৮ চনৰ ২২ অক্টোবৰত গণেশৰ নামতে আইন হৈ পৰিছিল ৷ কিন্তু তেতিয়ালৈ মেডিকেলৰ পাঠদান ৬ মাহ আগবাঢ়ি গ'ল ৷ যাৰ বাবে উচ্চতম ন্যায়ালয়ে একেটা ৰায়তে জনালে যে প্ৰথম বছৰত নাম ভৰ্তি নহ'লেও পিছৰ বছৰটো কোনো পৰীক্ষা নিদিয়াকৈ হঠাৎ নাম ভৰ্ত্তি কৰিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে ৷

যাৰ বাবে ২০১৯ বৰ্ষত গণেশ বেৰিয়াই নাম ভৰ্তি কৰিবলৈ সক্ষম হ'ল ৷ প্ৰকৃত ন্যায়ৰ বিৰুদ্ধে ছাত্ৰ অৱস্থাতে যি সাহস দেখুৱালে সেয়া ভাৰতত একমাত্ৰ আছিল ৷ এই ঘটনাটো সন্দৰ্ভত ২০২০-২১ চনত জিতু কলিতাই অধ্যয়ন কৰি কেবাটাও প্ৰতিবেদন আৰু তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল ৷ আগৰ দৰেই কলিতাই বহুকেইখন দেশলৈ পঠাইছিল যদিও টাইৱানে একেবাৰতে প্ৰস্তাৱটোত সন্মত হ'ল ৷ যাৰ বাবে ২০২২ চনৰ বাবে গণেশলৈ দেশখনৰ বিৰল পুৰস্কাৰ আগবঢ়াইছিল যদিও সেইবছৰৰ মেডিকেলৰ পৰীক্ষা থকাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷

যাৰ বাবে এই বৰ্ষত টাইৱানৰ চৰকাৰ আৰু চি টি কে ফ্ৰাউণ্ডচনে সকলো যাবতীয় ব্যৱস্থা কৰে৷ কলিতাই গণেশ বেৰিয়াৰৰ জীৱন কাহিনীটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ভাষণ আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ৷ জিতু কলিতাই গণেশৰ বিষয়ে টাইৱানৰ বহুকেইখন শিক্ষা প্ৰতিষ্ঠাৰ লগতে ৰাষ্ট্ৰপতিৰ আগটো বিষয়টো উপস্থাপন কৰিছিল ৷ ২০ ছেপ্টেম্বৰত কলিতাই অসমীয়া স্বাভিমান স্বৰূপ এখন গামোচাৰে টাইৱানৰ ৰাষ্ট্ৰপতি টি চেই ওৱেঙক সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় প্ৰতিনিধি হিচাপে কথোপকথন কৰে ৷

টাইৱানৰ ৰাষ্ট্ৰপতিৰ ভৱনৰ কক্ষত কলিতাই ৰাজস্থানৰ ওপৰত লেখা গ্ৰন্থ এখনো উপহাৰ হিচাপে দিয়ে ৷ ৰাষ্ট্ৰপতি ভৱনৰ সভাত ৰাষ্ট্ৰপতিগৰাকীয়ে চিন স্বৰূপে একোটাকৈ পদক চিহ্ন সামগ্ৰীও প্ৰদান কৰে ৷ এই বৰ্ষৰ বাবে গণেশ বেৰিয়াই যথেষ্ট সন্মান সহকাৰে টাইৱানৰ শিক্ষাৰ ওপৰত থকা বঁটাটি গ্ৰহণ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে ৷ বিগত বৰ্ষত কলিতাৰ এখন গ্ৰন্থ ‘২০১৬’ চীনা ভাষালৈ অনুবাদ হৈছিল আৰু সেই গ্ৰন্থখন টাইৱানৰ ৰাষ্ট্ৰপতিয়ে ‘২০১৬’ উন্মোচন কৰাটো ভাৰত তথা অসমৰ বাবে গৌৰৱ বিষয় আছিল ৷ কলিতাৰ সাংবাদিক হিচাপে কৰা বিৰল পদক্ষেপক অসম ৰাজ্যিক সাংবাদিক সন্থা, ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন আৰু নৰ্থ ইষ্ট ওৱকিং জাৰ্নেলিষ্ট ইউনিয়নৰ পৰা শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Narcotic substances seized: সৰবৰাহকাৰীসহ কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.