ETV Bharat / state

এইবাৰ যোৰহাটত আত্মীয়ৰ দ্বাৰা নিৰ্যাতিত 9 বছৰীয়া শিশুঃ গৃহ আৰু আয়ুক্ত সচিবলৈ পত্ৰ সাংবাদিক গৌতম শৰ্মাৰ - নিৰ্যাতনৰ বলি কিশোৰীৰ ন্যায়ৰ বাবে সাংবাদিক গৌতম শৰ্মাৰ সংবাদমেল

আনহাতে এই নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গৌতম শৰ্মাই ৷ যোৰহাট আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সাংবাদিক গৌতম শৰ্মাই অসম চৰকাৰৰ গৃহ আৰু আয়ুক্ত সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে শ্ৰম আয়োক্ত নাৰায়ণ কোঁৱৰক অৱগত কৰে সমগ্ৰ ঘটনা ৷

নিৰ্যাতনৰ বলি কিশোৰীৰ ন্যায়ৰ বাবে সাংবাদিক গৌতম শৰ্মাৰ সংবাদমেল
author img

By

Published : Oct 2, 2019, 9:48 PM IST

যোৰহাট, 2 অক্টোবৰঃ যোৰহাটত এগৰাকী ৯ বছৰীয়া কণ্যা শিশু নিজৰে বৰদেউতাকৰ কামনাৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ৷ যোৰহাটৰ প্ৰেছ ক্লাৱত বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি ভুক্তভোগী কণ্যা শিশুটিৰ ন্যায় প্ৰাপ্তিৰ বাবে যুদ্ধ কৰি যোৱাৰ কথা উল্লেখ কৰে সাংবাদিকগৰাকীয়ে ৷ গৌতম শৰ্মাই কয় যে, বিগত ২৬ আগষ্টত মানসিক ভাৱে অসুস্থ হৈ পৰা শিশু গৰাকীক যোৰহাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সেই সময়ত চিকিৎসালয় খনত উপস্থিত থকা সুস্মিতা বৰঠাকুৰ নামৰ অধিবক্তা গৰাকীয়ে শিশুটিক প্ৰত্যক্ষ কৰাত শিশুটিৰ শাৰীৰিক আৰু মানসিক অৱস্থা দেখি নিৰ্যাতনৰ সন্দেহ কৰে ৷ অধিবক্তা গৰাকীয়ে এই সন্দৰ্ভত চিকিৎসকৰ সৈতে আলোচনা কৰাত চিকিৎসকে সমগ্ৰ ঘটনা নিৰ্যাতনৰ হব পাৰে বুলি উল্লেখ কৰে ৷ অধিবক্তা গৰাকীয়ে ১০৯ ত ফোন কৰি সকলো ঘটনা অৱগত কৰাৰ লগতে ৩৯৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে ৷

নিৰ্যাতনৰ বলি কিশোৰীৰ ন্যায়ৰ বাবে সাংবাদিক গৌতম শৰ্মাৰ সংবাদমেল

আনহাতে এই নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গৌতম শৰ্মাই ৷ ঘটনাৰ সবিশেষ জ্ঞাত হোৱাৰ পাছতো কণমানি জনী ভৰ্ত্তি হৈ থকা চিকিৎসালয় খনতেই বৰদেউতাককে অভিভাৱক হিচাবে থাকিবলৈ দিয়াৰো অভিযোগ সাংবাদিকগৰাকীৰ ৷ পৰৱৰ্তীসময়ত চিকিৎসালয়খনৰ উদ্ধৰ্তম কতৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰাত শিশুটিক আই চি ইউলৈ স্থানান্তৰিত কৰে ৷ যোৰহাট আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সাংবাদিক গৌতম শৰ্মাই অসম চৰকাৰৰ গৃহ আৰু আয়ুক্ত সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে শ্ৰম আয়ুক্ত নাৰায়ণ কোঁৱৰক অৱগত কৰে সমগ্ৰ ঘটনা ৷ ইতিমধ্যে সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰীৰ লগতে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷

যোৰহাটত অ-মানৱীয় কান্ড।।বৰদেউতাৰ কামনাৰ বলিৰ অভিযোগ ৯ বছৰীয়া কণ্যা শিশু।।আৰক্ষীৰ ভুমিকাত ক্ষুণ অভিযোগকাৰী।।

এগৰাকী ৯ বছৰীয়া কণ্যা শিশুক নিজৰে বৰদেউতাকৰ কামনাৰ বলি হোৱা গুৰুতৰ অভিযোগ আনিছে জেষ্ঠ সাংবাদিক গৌতম শৰ্মাই।যোৰহাটৰ প্ৰেছ ক্লাৱত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰি ভুক্তভোগী কণ্যা শিশু টিৰ নায্য প্ৰাপ্তিৰ বাবে যুদ্ধ কৰি যোৱাৰ কথা উল্লেখ কৰে।তেওঁ উল্লেখ কৰে যে বিগত ২৬ আগষ্টত মানসিক ভাৱে অসুষ্ঠ হৈ পৰা শিশু জনীক যোৰহাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয় আৰু সেই সময়ত চিকিৎসালয় খনত উপস্থিত থকা সুস্মিতা বৰঠাকুৰ নামৰ অধিবক্তা গৰাকীয়ে শিশুটিক দেখা পায়।শিশুটিৰ শাৰীৰিক আৰু মানসিক অৱস্থা দেখি অধিবক্তা গৰাকীৰ সন্দেহ হোৱাত চিকিৎসক সৈতে আলোচনা কৰে আৰু চিকিৎসকে সমগ্র ঘটনা নিৰ্যাতনৰ হব পাৰে বুলি উল্লেখ কৰে।অধিবক্তা গৰাকীয়ে ১০৯ ত ফোন কৰি সকলো ঘটনা অৱগত কৰাত ৩৯৬/১৯ এক গোচৰ ৰুজু কৰে।

byte_সুস্মিতা বৰঠাকুৰ।

আনহাতে এই শিশুটিৰ লগত সমগ্র ঘটনা নিজৰ বৰদেউতাকে সংঘটিত কৰিছে বুলি এক গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।কিন্তু এই নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুত্ব অভিযোগ কৰিছে সাংবাদিক গৌতম শৰ্মাই।আনহাতে ঘটনাৰ সবিশেষ জ্যাত হোৱাৰ পাছতো কণমানি জনী ভৰ্ত্তি হৈ থকা চিকিৎসালয় খনতেই বৰদেউতাকে অভিভাৱক হিচাবে থাকিবলৈ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপিন হৈছে। পিছত এই ঘঠনাক চিকিৎসালয় খনৰ উদ্ধৰ্তম কতৃপক্ষক অৱগত কৰাত শিশু টিক আই চি ইউ স্হান্তৰিত কৰে।উল্লেখযোগ্য যে যোৰহাট আৰক্ষীয়ে ঘটনা সম্পৰ্কত কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সাংবাদিক গৌতম শৰ্মাই অসম চৰকাৰৰ গৃহ আৰু আয়ুক্ত সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে শ্ৰম আয়োক্ত নাৰায়ণ কোৱৰক অৱগত কৰে।গৌতঢ় শৰ্মাই কণমানি জনীৰ ন্যায় যূদ্ধৰ বাবে যোৰহাটত আহি উপস্থিত হয়হি।যোৰহাটত উপস্থিত হোৱাৰ পাছতেই এই ঘটনাৰ নাটকীয় পৰিবৰ্তন ঘটে।যোৰহাট আৰক্ষীয়ে তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে সাংবাদিক গৌতম শৰ্মাই।ইফালে শিশুটিক ভৰ্ত্তি কৰোৱা চিকিৎসালয়তেই বৰদেউতাকক মানসিক ভাৱে অসুস্হ।হোৱা বুলি ভৰ্ত্তি কৰোৱাত ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে।
সাম্প্ৰতিক জেষ্ঠ সাংবাদিক গৌতম শৰ্মাই সমগ্র ঘটনাটোৰ মুখ্যমন্ত্ৰী লগতে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.