ETV Bharat / state

সাংবাদিকক দু ব্যৱহাৰ, ম'বাইল দলিয়াই ডিলিট কৰিলে ভিডিঅ' !

author img

By

Published : Aug 31, 2020, 7:13 PM IST

পৰবৰ্তী পৰ্যায়ত চক্ৰ বিষয়া লিনা পাও আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চত্তিস চাহুৰ উপস্থিতিত ৰাইজৰ ৰোষত পৰি ক্ষমা খুজিবলৈ বাধ্য হয় মহিলা কৰ্মচাৰীগৰাকী ৷ তদুপৰি আগলৈ তেনে দু-ব্যৱহাৰ কাকো নকৰো বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় ৷

journalist attacks in teok
সাংবাদিকক দু ব্যৱহাৰ, ম'বাইল দলিয়াই ডিলিট কৰিলে ভিডিঅ' !

টীয়ক, 31 আগষ্ট: টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহুদিন ধৰি ইন্টাৰনেট নথকাত সাধাৰণৰ ৰাইজৰ অভিযোগৰ ভিত্তিত টীয়কৰ তিনিজনকৈ সাংবাদিক কাৰ্যালয়লৈ বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল ৷ কিন্তু সাংবাদিক সকলে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতে কাৰ্যালয়টোৰ প্ৰভাতী দাস নামৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে সাংবাদিক কেইজনক দু ব্যৱহাৰ কৰে আৰু ৰেকৰ্ডিং কৰি থকা অৱস্থাতে ম'বাইল ফোনটো টানি আনি ভিডিঅ' সমূহ ডিলিট কৰাৰ লগতে ফোনটো দলিয়াই দিয়ে ।

ঘটনাটো সংঘটিত হোৱাৰ পাছতেই টীয়কৰ আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠন ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দি কৰ্মচাৰী গৰাকীক কিয় তেনে কৰিলে সুধিবলৈ যাওঁতে সকলোকে পুনৰ দু ব্যৱহাৰ কৰাৰ লগতে তেওঁক কোনে কি কৰিব পাৰিব বুলি হুংকাৰ দিয়ে ৷ লগে লগে টীয়ক প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ লগতে উপস্থিত দল সংগঠন তথা ৰাইজ তেওঁৰ ব্যৱহাৰত ক্ষোভিত হৈ কাৰ্যালয়ৰ গেটত তলা বন্ধ কৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।

অৱশ্যে পৰবৰ্তী পৰ্যায়ত চক্ৰ বিষয়া লিনা পাও আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চত্তিস চাহুৰ উপস্থিতত ৰাইজৰ ৰোষত পৰি ক্ষমা খুজিবলৈ বাধ্য হয় মহিলা কৰ্মচাৰীগৰাকীয়ে ৷ লগতে আগলৈ কোনো লোকক তেনে দু-ব্যৱহাৰ নকৰো বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় ৷

লগতে পঢ়ক: পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.