ETV Bharat / state

ভূ-মাফিয়াৰ অত্যাচাৰত মৃত্যু হোৱা নিৰঞ্জনে পাবনে ন্যায় ?

দালাল চক্ৰৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ যুৱক নিৰঞ্জন বৰাৰ মৃত্যু । যোৰহাটত সংঘটিত ভূমি কেলেংকাৰীৰ তথ্য বিচৰাটোৱে কাল হ’ল নিৰঞ্জনৰ বাবে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:51 PM IST

jorhat youth dies by mental torture of Land Mafia for seeking rti report on land scam
মানসিক নিৰ্যাতন সন্মুখীন হৈ যুৱক নিৰঞ্জন বৰাৰ মৃত্যু

যোৰহাট, 14 ডিচেম্বৰ : যোৰহাটত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । দালালচক্ৰ আৰু ভূ-মাফিয়াৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ যোৰহাট নাওষলীয়া গাঁৱৰ যুৱক তথা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নিৰঞ্জন বৰাই চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় । এই ঘটনাই সমগ্ৰ যোৰহাট জিলাত শোকৰ ছাঁ পেলাইছে ৷

সমগ্ৰ ঘটনাটোৱে জিলাখনত এতিয়াও যে মাটিৰ দালালচক্ৰ সক্ৰিয় ৰূপত আছে সেই কথাৰে ইংগিত প্ৰদান কৰি গ’ল । ঘটনাৰ বিৱৰণী অনুসৰি, ৰৰৈয়া বিমানবন্দৰৰ পৰা এ টি ৰোড সংযোগী নাওষলীয়া পথৰ নামত অনুমোদিত ডেৰশ কোটিৰো অধিক টকা ভূমি অধিগ্ৰহণ কৰাৰ নামত ৭৮ টাকৈ পৰিয়ালৰ নামত লুন্ঠন চলাইছিল একাংশই । আচৰিত কথা যে এই কামত জড়িত হৈ আছে লাটমণ্ডল আৰু শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকা শিক্ষক ।

উক্ত কেলেংকাৰী সন্দৰ্ভত হয়তো অৱগত আছিল নিৰঞ্জন বৰা ৷ এই কেলেংকাৰীৰ তথ্য বিচাৰি নিৰঞ্জন বৰা নামৰ যুৱকজনে RTI দাখিল কৰিছিল ৷ তথ্য বিচৰা বাবে একাংশ দালাল আৰু দুষ্ট চক্ৰই মিলি নিৰঞ্জন বৰাৰ লগতে তেওঁৰ পৰিয়ালটোৰ ওপৰত অকথ্য মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে । উক্ত ঘটনা সবিস্তাৰে সংবাদমাধ্যমৰ আগত মঙলবাৰে বিৱৰি কওতেই অসুস্থ হৈ পৰে নিৰঞ্জন ৷ ততাতৈয়াকৈ প্ৰথমে তেওঁক যোৰহাটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷

তাৎপৰ্যপূৰ্ণ যে এনে দালালচক্ৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিচতো কাৰ আশীৰ্বাদত যোৰহাটত সক্ৰিয় ৰূপত আছে দালালচক্ৰ, তাকে লৈ এতিয়া অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে । উক্ত দালালচক্ৰৰ লগত চৰকাৰী বিভাগৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বহুতে ।

লগতে পঢ়ক : RTI ৰ তথ্য বিচৰাৰ বাবেই এঘৰীয়া হ’ল যোৰহাটৰ নিৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.