যোৰহাট,23 জানুৱাৰীঃ বয়ন শিল্পতযে অসমৰ শিপিনীয়ে বিশ্বৰ যিকোনো স্তৰতে ফেৰ মাৰিব পাৰে সেয়া পুনৰ প্ৰতিপন্ন কৰিলে যোৰহাটৰ এগৰাকী শিপিনিয়ে ৷ শিপিনিগৰাকীয়ে সোনালী সূতাত বৈ উলিয়ালে গুণমালা ৷ প্ৰায় 8 মিটাৰ দৈৰ্ঘ আৰু 1 মিটাৰ প্ৰস্থৰ তচ মূগা কাপোৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা সম্পূৰ্ণৰূপে বৈ উলিয়াইছে অসমীয়া শিপিনীয়ে ৷
উল্লেখ্য যে, পশ্চিম যোৰহাটৰ চাৰিঙিয়াৰ জ্যোতি বৰা দত্তই প্ৰায় ১ বছৰ পূৰ্বে হাতত লৈছিল গুণমালা তাঁতশালত বৈ উলিওৱাৰ কাম ৷ বিভিন্ন ঘৰুৱা কাম কাজৰ লগতে সামাজিক বহু কামৰ লগত জড়িত জ্যোতি বৰা দত্তই ১ বছৰৰ ভিতৰত বৈ উলিয়াই এই বিশেষ গুণমালা খন ৷ আখৰৰ লগতে শংকৰদেৱ, মাধৱদেৱ আৰু শিষ্য সকল বহি থকাৰ চিত্ৰও অংকন কৰিছে শিপিনী গৰাকীয়ে ৷ অনাগত দিনত এনেদৰে বহু সোনালী সূতাত মহাপুৰুষ দুজনৰ সৃষ্টি ৰাজি তুলি ধৰা পৰিকল্পনা কৰিছে শিপিনী গৰাকীয়ে ৷
লগতে পঢ়ক-অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট