ETV Bharat / state

যোৰহাটত দুটা শৱদেহ লৈ নৈৰ পাৰে পাৰে এজাক মানুহ

author img

By

Published : Oct 21, 2019, 5:45 PM IST

Updated : Oct 21, 2019, 5:50 PM IST

বান গৰাখহনীয়াত অতিষ্ঠ পশ্চিম যোৰহাটবাসীৰ হাতত নাছিল কোনো উপায় ৷ আবেদনৰ পিচত আবেদন দি দি ভাগৰি পৰা অঞ্চলটোৰ ৰাইজে অৱশেষত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ প্ৰতীকি শৱদেহ দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

শৱদেহ লৈ নৈৰ পাৰে পাৰে এজাক মানুহ

যোৰহাট, 21 অক্টোবৰঃ গাঁৱৰ মুনিহ তিৰোতাৰ পৰা কণ কণ শিশুলৈকে সকলো লৱৰি আহিছে ৷ শৱ দেহ লৈ গাঁওখনৰ একাংশ ব্যক্তি ভোগদৈ নৈ লৈ গৈছে হিলদ'ল ভাঙি ৷ সকলো ওলাই আহিছে অন্তিম সৎকাৰৰ বাবে ৷ চাঙীত থকা মৃতদেহ কেইটা সাধাৰণ মানুহৰ নহয়,ৰাজ্য চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ মৃতদেহ লৈ ৰাইজৰ ব্যস্ততা ৷

JORHAT UNIQUE PROTEST AGAINST MINISTER KESHAB MAHANTA IN MALOUKHAT
শৱদেহৰ পিছে পিছে বাট লৈছে গাঁৱৰ মুনিহ তিৰোতা সকলো

লগতে চাওকঃ পৰিৱৰ্তনকামী ৰাজ্যত উন্নয়নৰ ফোঁপোলা ছবি!

প্ৰকৃততে বান গৰাখহনীয়াত অতিষ্ঠ পশ্চিম যোৰহাটবাসীৰ হাতত নাছিল কোনো উপায় ৷ আবেদনৰ পিচত আবেদন দি দি ভাগৰি পৰা অঞ্চলটোৰ ৰাইজে অৱশেষত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ প্ৰতীকি শৱদেহ দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কাৰণ জনপ্ৰতিনিধিয়ে কাণসাৰ নিদিয়ে তেওঁলোকৰ সমস্যাক ৷ বিগত মে মাহতে পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চল ভোগদৈ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পাছত আজিও বানৰ কৱলৰ পৰা পৰিত্ৰাণ নাপালে গাঁওবাসীয়ে। ভোগদৈৰ বানত উটি গ'ল বহুতৰে ঘৰবাৰী,মাটি,ভেটি ৷ সোমবাৰে ৰাইজৰ ধৈৰ্যৰ বান্ধ চিঙি গ'ল,দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মালৌ খাটৰ ৰাইজে অকৰ্মন্য বিধায়ক আৰু জলসম্পদ মন্ত্ৰীৰ শৱদেহ লৈ নদীৰ পাৰত দাহ কৰে ৷ তেওঁলোকৰ দাবী শীঘ্ৰে যাতে ভোগদৈৰ বানৰ কৱলত পৰা লোকসকলক সু-ব্যৱস্থা কৰি দিয়ে ৷

Intro:যোৰহাটত কেশৱ মহন্ত-ভবেন্দ্ৰ নাথ ভৰালীৰ প্ৰতিকি শৱ দেহ উতালে ভোগদৈত*
Body:

OCVO: বান গৰাখহনীয়াত অতিষ্ঠ পশ্চিম যোৰহাটবাসী এতিয়া সৰৱ হৈ পৰিছে জল সম্পাদ মন্ত্ৰী কেশৱ মহন্ত আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ বিৰুদ্ধে।বিগত মে মাহতে পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চল ভোগদৈ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পাছত আজিও বানৰ কবলৰ পৰা পৰিত্ৰাণ নাপালে গাওঁবাসীয়ে। সেয়ে আজি অঞ্চল বাসীয়ে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ প্ৰতিকী শৱ দেৱ উটাই দিয়ে ভোগদৈ নদীত। এয়া দেৰগাও বিধান সভা সমষ্টিৰ অন্তৰ্গত মালৌ খাটৰ দৃশ্য। অকমন্য বিধায়ক আৰু জলসম্পদ মন্ত্ৰীৰ শৱদেহ লৈ এয়া ৰাইজে জয়ধ্বনি কৰি চাঙিত তুলি নিছে নদীৰ ঘাটলৈ। পুৰুষ মহিলাৰ পৰা কিশোৰলৈকে সকলো গৈছে শৱ যাত্ৰাত।

Byte

ভোগদৈৰ বানে তচনচ কৰা মালৌখাটবাসীয়ে ভোগদৈত উটাই দিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক।Conclusion:এতিয়া যেন মোলৌখাতকে বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটৰ বান আক্ৰান্ত অঞ্চল সমূহ জলসম্পদ বিভাগৰ বাবে সোনৰ কণী পৰা হাহলৈ হে পৰিণত হৈছে।
Last Updated : Oct 21, 2019, 5:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.