ETV Bharat / state

টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ ৰাইজৰ

author img

By

Published : Jun 30, 2020, 9:14 AM IST

বানে বিধ্বস্ত কৰা টীয়কৰ মুকালনিত বান সাহাৰ্যৰ পৰা বঞ্চিত বন্যাৰ্ত ৰাইজ ৷ কঠাল আদি ফল খাই নিবাৰণ কৰিছে পেটৰ ভোক ৷ বানত আক্ৰান্ত কেবাখনো গাঁৱৰ ৰাইজ ৷ নিদ্ৰাত জনপ্ৰতিনিধি ৷

টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ ৰাইজৰ
টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ ৰাইজৰ

টীয়ক, 30 জুনঃ টীয়কৰ বানে ধোৱা অঞ্চল মুকালনিত এতিয়া চৰম বিভীষিকা । যোৰহাট-শিৱসাগৰৰ সীমামুৰীয়া এই অঞ্চলটো যোৱা চাৰি দিন ধৰি বানৰ কবলত । বাঢ়নী পানীয়ে যাতায়তৰ একমাত্ৰ পথটো বুৰাই পেলোৱাত বহি জগতৰে যোগাযোগৰ একমাত্ৰ উপায় কেৱল এখন টুলুঙা নাও ।

বানপানীত নিজৰ সপোনৰ ঘৰখন পানীত বুৰ যোৱাত সকলো ৰাইজ মথাউৰিৰ ওপৰত বাস কৰিব লগা হৈছে গৰু,ছাগলী,গাহৰিৰ সৈতে । যোৱা চাৰিটা দিন মিচিং অধ্যুষিত অঞ্চলটোৰ প্ৰায়বোৰ ঘৰ পানীৰ তলত আছিল যদিও পানী সামান্য পৰিমাণে পানী হ্ৰাস পাইছে যদিও এতিয়াও ৰাইজ ঘৰলৈ ঘুৰি যোৱাৰ পৰিৱেশ হোৱা নাই ।

ইপিনে বানপানীৰ কবলত পৰি ককবকাই থকা অঞ্চলটোত জিলা প্ৰশাসনে অদ্যপৰিমিত যোগান ধৰা নাই বান সাহাৰ্য । অঞ্চলটোত এজনো চৰকাৰী বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে । বানৰ কবলত সৰ্বস্বান্ত হোৱা একাংশই খাদ্যৰ অভাৱত নিজ সন্তান সকলক কঁঠাল আদি ফল খুৱাই ভোক নিবাৰণৰ চেষ্টা কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সততে ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ কাষত থকা বুলি ফুলজাৰি মাৰি ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাইজৰ এই দুৰ্যোগৰ সময়ত ক'ত বুলি সমালোচনাৰে থকা সৰকা কৰিছে ছাত্র সন্থাই ।

লগতে চাওকঃ এফালে বানৰ ৰুদ্ৰমূৰ্তি আনফালে কোভিড আতংকঃ প্ৰকৃতিৰ ৰোষত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.