ETV Bharat / state

টীয়ক সমষ্টিৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ

author img

By

Published : Jun 23, 2020, 10:57 AM IST

এজাক বৰষুণতে বোকাময় হৈ পৰা পথে উদঙাইছে টীয়ক সমষ্টিৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ ৷

টীয়ক সমষ্টিৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ
টীয়ক সমষ্টিৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ

টীয়ক,23 জুনঃ এজাক বৰষুণতে বোকাময় হৈ পৰা টীয়ক সমষ্টিৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্য অঞ্চলৰ পথ সমূহে ফোপোলা স্বৰূপ উদঙাইছে টীয়ক সমষ্টিৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ। প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰে দিছপুৰ দখল কৰাৰ প্ৰায় চাৰে চাৰি বছৰ অতিক্ৰম কৰিলে । কিন্তু মিত্ৰ জোঁটৰ অংশীদাৰ অগপৰ দখলত থকা টীয়ক সমষ্টিৰ বাট-পথ সমূহৰ জৰাজীৰ্ণ ৰূপে প্ৰতিপন্ন কৰিছে যে,বিধায়িকাই প্ৰতিশ্ৰুতি পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।এজাক বৰষুণতে কদৰ্যময় হৈ পৰা সমষ্টিটোৰ অন্তৰ্গত গ্ৰামাঞ্চলৰ অন্যান্য বাট পথৰ দৰে বলমা ন-হাত চাপৰি অঞ্চলৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথটোৰ জৰাজীৰ্ণ ৰূপে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ থাকিল পথটোৰ উন্নয়ন।

অৱশ্যে আজিৰ পৰা চাৰি বছৰৰ আগতেই বিধায়িকাগৰাকীয়ে পথটোৰ সন্মুখভাগৰ এশ মিটাৰ পথ পকী কৰাৰ ব্যৱস্থা কৰিছিল আৰু পৰৱৰ্ত্তী সময়ত পৰ্যায়ক্ৰমে পথটো সম্পূৰ্ণকৈ মেৰামতি কৰাৰ আশ্বাস দিছিল যদিও এই পৰ্যন্ত হৈ নুঠাত এতিয়া ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে চাওকঃ টীয়কত দাহ কৰা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.