ETV Bharat / state

যোৰহাট কৰদাতা নাগৰিক মঞ্চৰ প্ৰতিবাদ - Protests against electricity charges hike

যোৰহাটত জেষ্ঠ নাগৰিকসকলৰ প্ৰতিবাদ(Senior citizens protest in Jorhat) । অস্বাভাৱিকভাৱে বিদ্যুতৰ মাচুল আৰু পৌৰকৰ বৃদ্ধি কৰাৰ বিৰোধীতাৰে কৰদাতা নাগৰিক মঞ্চই সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী(Protests against electricity charges hike) ।

jorhat taxpayers citizen forum protest
যোৰহাট কৰদাতা নাগৰিক মঞ্চ প্ৰতিবাদ
author img

By

Published : Sep 21, 2022, 9:01 PM IST

যোৰহাট,২১ ছেপ্টেম্বৰ: ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল আৰু পৌৰকৰ । বুধবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট পৌৰসভা কৰদাতা নাগৰিক মঞ্চৰ সৌজন্যত পৌৰকৰ বৃদ্ধি আৰু APDCL ৰ অস্বাভাৱিক মাচুল বৃদ্ধিৰ বিৰোধিতাৰে জেষ্ঠ নাগৰিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Senior citizens protest in Jorhat) ।

কৰদাতা নাগৰিকসকলে পৌৰকৰ লগতে অত্যাধিক হাৰত বিদ্যুতৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰৰ হস্তক্ষেপ বিচাৰি প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে(Protests against electricity charges hike) । উক্ত প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট জিলা বাৰ এচোছিয়েচনৰ সভাপতি হেমেন বৰাই অংশগ্ৰহণ কৰি জনতাক মাধমাৰ দিয়া চৰকাৰ যি সিদ্ধান্ত সেয়া শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ।

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে অস্বাভাৱিক হাৰত জনসাধাৰণলৈ বিদ্যুতৰ বিল অহা পৰিলক্ষিত হৈছে ৷ লগতে চৰকাৰে পৌৰকৰ বৃদ্ধিৰ এক সিদ্ধান্ত গ্ৰহণ কৰা কথা এতিয়া ৰাইজৰ মাজত বিয়পি পৰাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক চাৰি মাহে গ্ৰেপ্তাৰত ব্যৰ্থ নগাঁও আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.