ETV Bharat / state

যোৰহাটত মাজমজিয়াত চুৰিকাণ্ড - যোৰহাট

যোৰহাটৰ মাজ মজিয়াৰ মিঠাপুখুৰীস্থিত মেৰিডিয়ান ৰেষ্টোৰাত জুৱেল বৰা নামৰ তিতাবৰৰ জালুকনিৰ ঠিকাদাৰৰ পৰা কোনো দুৰ্বৃত্তই লুটিলে সাত লাখ টকা৷

যোৰহাটত ঠিকাদাৰৰ পৰা লুটিলে ৭ লাখ টকা
author img

By

Published : Aug 22, 2019, 11:22 PM IST

যোৰহাট, 22 আগষ্টঃ যোৰহাটৰ মাজ মজিয়াৰ মিঠাপুখুৰীস্থিত মেৰিডিয়ান ৰেষ্টোৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অহা এজন ঠিকাদাৰৰ পৰা ৭ লাখ টকা লুটি নিলে কোনো দুৰ্বৃত্তই । জুৱেল বৰা নামৰ তিতাবৰৰ জালুকনিৰ ঠিকাদাৰ জনে ভাৰতীয় ষ্টেট বেংকৰ ন-কছাৰি শাখাৰ পৰা ২ লাখ আৰু যোৰহাট চহৰৰ সোঁ মাজত থকা ষ্টেট বেংকৰ মুখ্য শাখাৰ পৰা ৫ লাখ টকা উলিয়াইছিল । টকা খিনি লৈ দুজন বন্ধুৰ সৈতে মেৰিডিয়ান ৰেষ্টোৰাত আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল ঠিকাদাৰজন৷ আহাৰ গ্ৰহণ কৰি হাত ধুবলৈ যাওতেই সাতলাখ টকা লৈ উধাও হয় এজন যুৱক ।

ইতিমধ্যে সম্পূৰ্ণ ঘটনা ৰেষ্টোৰাখনৰ চিচি টিভি কেমেৰাত বন্দী হৈছে যদিও বৰ্তমানেও আৰক্ষীয়ে ধৃত যুৱকৰ পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই । আনহাতে আৰক্ষীয়ে ঘটনাটোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ভুক্তভোগী জুৱেল বৰাৰ৷

যোৰহাটত ঠিকাদাৰৰ পৰা লুটিলে ৭ লাখ টকা।।

এতিয়া ব্যৰ্থতা যেন লগ নেৰা হৈছে যোৰহাট আৰক্ষী প্ৰশাসনক।প্ৰতিদিনেই চুৰি ডকাইতিৰ ঘটনাই সংকিত কৰি তুলিছে যোৰহাটৰ সাধাৰণ ৰাইজক।আজি চহৰখনৰ মাজ মজিয়াৰ মিঠাপুখুৰী স্হিত মেৰিডিয়ান নামৰ ৰেষ্টোৰাখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অহা এজন ঠিকাদাৰৰ পৰা ৭ লাখকৈ লুটি নিয়াৰ ঘটনাই প্ৰমাণিত কৰিলে যোৰহাট আৰক্ষী প্ৰশাসনৰ সোপা ঢিলা স্বৰূপ।উল্লেখযোগ্য যে জুৱেল বৰা নামৰ তিতাবৰৰ জালুকনিৰ ঠিকাদাৰ জনে ভাৰতীয় ষ্টেট বেংকৰ ন-কছাৰি শাখাৰ পৰা ২ লাখ আৰু যোৰহাট চহৰৰ সোমাজত থকা ষ্টেট বেংকৰ মুখ্য শাখাৰ পৰা ৫ লাখ টকা উলিয়াইছিল।টকা খিনি লৈ জুৱেল বৰাই দুজন বন্ধুৰ সৈতে মেৰিডিয়ান নামৰ ৰেষ্টোৰাখনত আহাৰ গ্ৰহণ কৰি হাত ধুৱলৈ যাওতে টকা লৈ উধাও হয় এজন যূৱক।ইতিমধ্যে সম্পূৰ্ণ ঘটনা ৰেষ্টোৰাখনৰ চিচি টিভি কেমেৰাত বন্ধী হৈছে যদিও বৰ্তমানে ও আৰক্ষীয়ে উক্ত যূৱকৰ সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা জূৱেল বৰাই জনোৱা মতে আৰক্ষীয়ে যিমান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেয়া দেখা পোৱা নাই।এই ঘটনাই সমগ্র চহৰখনত চাঞ্চলৰ সৃষ্টি কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.