ETV Bharat / state

নাগৰিকৰ ইস্তাহাৰ: সচেতন নাগৰিক মঞ্চৰ সংবাদমেল

ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ আশ্বস্ত হোৱা নাই যোৰহাটৰ সচেতন নাগৰিক মঞ্চ । নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ উন্নয়ন সন্দৰ্ভত কেতবোৰ বিষয় নিৰ্ধাৰণ কৰি দিলে নাগৰিক মঞ্চই । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজনৈতিক দলৰ ইস্তাহাৰ নিকা হোৱা নাই বুলি অভিযোগ তুলিলে যোৰহাটৰ সচেতন নাগৰিক মঞ্চই ।

নাগৰিকৰ ইস্তাহাৰঃ যোৰহাটত সচেতন নাগৰিক মঞ্চৰ সংবাদমেল

author img

By

Published : Mar 18, 2021, 3:43 PM IST

যোৰহাট,১৮ মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ উন্নয়নৰে জড়িত কেতবোৰ বিষয় আঙুলিয়াই দিছে যোৰহাটৰ সচেতন নাগৰিক মঞ্চই । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে ৰাজনৈতিক দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীক যোৰহাটৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে, ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ আশ্বস্ত হোৱা নাই সাধাৰণ ৰাইজ । সেয়েহে সংবাদমেলত সচেতন নাগৰিক মঞ্চই যোৰহাটৰ সমস্যাসমূহ ভিডিঅ' আকাৰে দাঙি ধৰে । প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ইস্তাহাৰ নিকা হোৱা নাই বুলিও অভিযোগ উত্থাপিত কৰে । এইবাৰ যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত মূল যুঁজ হ'ব । সেয়েহে সচেতন নাগৰিক মঞ্চই নিদ্ধাৰণ কৰি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ।

সেয়া হৈছে জাবৰ-জোথৰ নিষ্কাষণ, যোৰহাট নগৰ আৰু সমষ্টিটোৰ প্ৰতিজন নাগৰিকক খোৱাপানী যোগান ধৰা, যোৰহাট ট্ৰাক-টাৰ্মিনাছ আৰম্ভ কৰা, পূজাডুবিৰ সমীপৰ পৰা ৰে'লৱে গুডছ টাৰ্মিনাছৰ তৎকালীন স্থানান্তৰ কৰা, স্থায়ী ক্ৰীড়া প্ৰকল্প নিৰ্মাণ, কাছাৰী ময়দান নিৰ্মাণ আৰু যোৰহাট ষ্টেডিয়াম নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰা । লগতে উত্তৰ-দক্ষিণ, পূৱ-পশ্চিম যোৰহাটৰ ছুইমিং পুল, ইন্দোৰ ষ্টেডিয়াম আৰু মিনি ষ্টেডিয়ামৰ নিৰ্মাণ, স্থায়ী সাংস্কৃতিক প্ৰকল্প, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে ।

ব্ৰহ্মপুত্ৰ আৰু ভোগদৈৰ বান-খহনীয়া প্ৰতিৰোধ কৰা, প্ৰণালীবদ্ধ আৰু শৃংখলিত বজাৰ, বজাৰৰ লগতে ক্ৰেতা-বিক্ৰেতা সংযোগী ব্যৱস্থা, যান-জঁট সমস্যাৰ সু-সংহত ব্যৱস্থা আৰু পাৰ্কিং ব্যৱস্থা কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰিছে নাগৰিক মঞ্চই । চ’ক বজাৰকে ধৰি যোৰহাট সমষ্টিৰ সকলো ঠাইতে বজাৰ গৃহ নিৰ্মাণ, গান্ধী পাৰ্ক, নেহৰু পাৰ্ক, গ্ৰীণ পাৰ্ককে ধৰি যোৰহাটৰ সকলো দিশত শিশু আৰু জন সাধাৰণৰ বাবে উদ্যান মুকলি কৰিবলৈও আহ্বান জনোৱা হৈছে ।

যোৰহাট নগৰ আৰু পাৰ্শ্বৱতী অঞ্চলৰ ঐতিহাসিক ঠাইসমূহৰ সংৰক্ষণ কৰা, ৰাজমাও, তৰাজানকে ধৰি সমষ্টিৰ সকলো পুখুৰী সংৰক্ষণ আৰু পুনঃ নিৰ্মাণ, পৰ্যটন আৰু চাহ নগৰী যোৰহাট নিৰ্মাণৰ লগতে সৰ্বভাৰতীয় স্তৰৰ শিক্ষানুষ্ঠান আৰু গৱেষণাৰ নতুন ক্ষেত্ৰ গঢ়ি তুলিবলৈও আহ্বান জনাইছে । কম্পিউটাৰক ভিলেজ যোৰহাটৰ প্ৰসংগও উত্থাপন কৰা হৈছে । যোৰহাটৰ জে ডে এ-ৰ ৰাজহুৱা বাছ আস্থানৰ ৭৩ কঠা মাটিৰ সন্দৰ্ভত স্থায়ী কাৰ্যপন্থা গ্ৰহণ কৰিবলৈও নাগৰিক মঞ্চই দাবী কৰিছে ।

লগতে পঢ়ক: আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.