টীয়ক, 2 নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী । ৰাজ্যৰ চৌদিশে চলিছে এতিয়া দীপাৱলীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পোহৰৰ উৎসৱ দীপাৱলীক লৈ বিশেষকৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ । দীপাৱলীৰ দিনা পোহৰৰ মেলা পাতিবলৈ ব্যস্ত হৈ পৰিছে টীয়কৰ দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল ।
দীপাৱলীৰ দিনা প্ৰত্যেকৰে ঘৰখনৰ লগতে চৌপাশ পোহৰাই তুলিবলৈ মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ মাজে সময়ে বজাৰত উপলব্ধ হয় চীনৰ বৈদ্যুতিক সামগ্ৰী ৷ এই সামগ্ৰীয়ে দীপাৱলীৰ বজাৰ ভৰি পৰাৰ পাচতো কিন্তু কমি যোৱা নাই মাটি চাকিৰ গুৰুত্ব । পূৰ্বৰ দৰে যোৰহাট, টীয়কৰ ৰাইজক মাটিৰ চাকি যোগান ধৰিবৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ।
টীয়কৰ দুইনৈমুখ কুমাৰ গাঁওখনৰ অধিকাংশ লোকেই এতিয়া হাজাৰ হাজাৰ মাটিৰ চাকি নিৰ্মাণ কৰি গ্ৰাহকক যোগান ধৰাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দীপাৱলীত মাটি চাকি প্ৰজ্বলনৰ পৰম্পৰাক কিছু পৰিমাণে ম্লান কৰিব বুলিও আশংকা কৰিছে মৃৎ শিল্পীসকলে ।
উল্লেখ্য যে, টীয়কৰ দুইনৈমুখ কুমাৰ গাঁওখন মূলতঃ মৃৎশিল্পৰ বাবে পৰিচিত ৷ এইখন গাঁওখন আছে মুঠ 60 ঘৰ লোক, ইয়াৰে 50 ঘৰ লোকেই এই মৃৎ শিল্পৰ ব্যৱসায়ৰ সৈতে জড়িত ৷ গাঁৱখনৰ প্ৰতিঘৰ পৰিয়ালৰে জীৱিকাৰ অন্যতম সম্বল হৈছে মৃৎশিল্প ৷ সেয়ে দীপাৱলীৰ প্ৰাকক্ষণত প্ৰতিঘৰ লোকৰেই ব্যস্ততাৰ অন্ত নাই ৷
ককা-আজুককাৰ দিনৰ পৰাই এই সকল লোকে কৰি আহিছে এই শিল্পৰ ব্যৱসায় ৷ মৃৎ শিল্পৰ ব্যৱসায়ক লৈ চহকী এই গাঁওখনৰ শিল্পীৰ হাতত পৰশত এচপৰা মাটিৰেই কলহ, চাকি, ধূণামলা আদি বিভিন্ন সামগ্ৰীয়ে ৰূপ পায় ৷ প্ৰচুৰ সম্ভাৱনাৰে ভৰা এইখন গাঁৱৰ মৃৎ শিল্পীক যদি উপযুক্ত প্ৰশিক্ষণ আৰু উন্নত উৎপাদন প্ৰদ্ধতিৰ সৈতে পৰিচয় কৰাই কামত নিয়োজিত কৰিব পাৰে, তেন্তে ই অসমৰ গ্ৰাম্য অৰ্থনীতি তৰান্বিত কৰাত এক অন্যতম ভূমিকা ল’ব পাৰিব সেইটো নিশ্চিত ।
লগতে পঢ়ক : Mahapalanam in Assam: হৰি নাম ধ্বনিৰে শিৱসাগৰত মহাপালনাম