ETV Bharat / state

যোৰহাট আৰক্ষীৰ জালত চিলনী চোৰ - জেল হাজোত

যোৰহাট আৰক্ষীৰ জালত চিলনী চোৰ ৷ পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ দুজনক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 379 ধাৰাৰ অধীনত এক গোচৰ ৰুজু ৷

jorhat-police-arrested-thief-in-jorhat
যোৰহাট আৰক্ষীৰ জালত চিলনী চোৰ
author img

By

Published : Dec 10, 2020, 10:09 PM IST

যোৰহাট, 10 ডিচেম্বৰ : যোৰহাটৰ বিভিন্ন প্ৰান্তত ত্ৰাস চলোৱা চিলনী চোৰ পুলিবৰ আৰক্ষীৰ জালত ৷ পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুবুল আলীৰ নেতৃত্বত যোৱা এটা দলে চিলনি চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ৷

jorhat-police-arrested-thief-in-jorhat
পুলিবৰ আৰক্ষী থানা

বুধবাৰে বিয়লি দুগৰাকী টিউচন কৰিবলৈ যোৱা ছাত্ৰীক টিউচন কৰি ঘৰলৈ আহি থকা অৱস্থাত তেওঁলোকৰ মোবাইল থপিয়াই লৈ যায় ৷ পৰৱৰ্তী সময়ত ছাত্ৰী দুগৰাকীয়ে পুলিবৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে AS-03K-8270 নম্বৰৰ বাইক সহ চিলনি চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয় ৷

jorhat-police-arrested-thief-in-jorhat
উদ্ধাৰ কৰা বাইকখন

আটকধীন চোৰ দুজন যোৰহাট পাখিমাৰীৰ 19 বছৰীয়া প্ৰশান্ত বণিয়া আৰু বিকাশ দাস বুলি জানিবলৈ দিয়ে পুলিবৰ আৰক্ষীয়ে ৷ ইতিমধ্যে, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 379 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি চোৰ দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : অনলাইন পৰীক্ষা : ইণ্টাৰনেট সংযোগৰ বাবে পাহাৰ বগাবলৈ বাধ্য শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.