যোৰহাট, 10 নৱেম্বৰ: যোৰহাটৰ নিমাতীঘাটৰ গ্ৰীণ ভিউ ৰিজৰ্টত চলিছে ভয়ংকৰ ঘটনা। যোৰহাট আৰক্ষীয়ে ২৫ অক্টোবৰত নিমাতীঘাটৰ গ্ৰীণ ভিউ ৰিজৰ্টত অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰে আপত্তিজনক কৰ্মৰ লগত জড়িত বহুতো সামগ্ৰী । কিন্তু এই অভিযানৰ সময়ত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাছিল । আনহাতে ২৬ অক্টোবৰত পুনৰ আৰক্ষীয়ে ৰিজৰ্টখনত অভিযান চলায় ৷ এইবাৰ অভিযান সময়ত ৰিজৰ্টখনৰ এটা কোঠাত এহাল যুৱক-যুৱতী অনৈতিক কৰ্মত লিপ্ত হৈ থাকোতেই আৰক্ষীয়ে হাতে লোটে ধৰা পেলায় । যুৱক-যুৱতী হালক আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, ২৬ অক্টোবৰত আৰক্ষীৰ অভিযানত বাধা দিছিল ৰিজৰ্টখনৰ স্বত্বাধিকাৰী অমৰ বৰাই । এই সুযোগ লৈ ৰিজৰ্টখনৰ পৰা বহু যুৱক-যুৱতী পলাই যোৱাৰ কথা ব্যক্ত কৰিছে আৰক্ষীয়ে । আনহাতে সুবিধা বুজি আৰক্ষীৰ চকুত ধুলি দি পলাই যায় ৰিজৰ্টখনৰ স্বতাধিকাৰী অমৰ বৰা । কিন্তু দেওবাৰে নিশা আৰক্ষীৰ হাতত আটক হয় অমৰ বৰা । বৰ্তমান যোৰহাট আৰক্ষীয়ে কেচ নম্বৰ ২৩৪/২০২০ ৰ বিপৰিতে 345 আইটিবি এক্ট 1956ৰ অধীনত অমৰ বৰাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক: খাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ