ETV Bharat / state

যোৰহাটত শীঘ্ৰে মুকলি কৰা হ'ব 300 বিচনাযুক্ত ক'ভিড চেন্টাৰ

ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো কৰ'ণা ভাইৰাছে একপ্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে নতুন ক'ভিড কেন্দ্ৰ মুকলি কৰিব প্ৰশাসনে ৷ প্ৰায় 300 ৰোগীক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ক'ভিড কেন্দ্ৰটো ৷ জানিব পৰা মতে, জিলাখনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে কাষৰীয়া চিকিৎসা কেন্দ্ৰ সমূহত আসনৰ অভাৱ হোৱাৰ বাবে নতুন ক'ভিড কেন্দ্ৰ স্থাপনৰ চিন্তা কৰিছে প্ৰশাসনে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৰহাট ক্ৰীড়া সন্থাৰ খেল পথাৰত নিৰ্মাণ কৰা হৈছে ক'ভিড কেন্দ্ৰটো ৷

author img

By

Published : Aug 4, 2020, 6:54 AM IST

JORHAT NEW COVID CENTRE OPENING SHORTLY
যোৰহাটত শীঘ্ৰে মুকলি কৰা হ'ব 300 বিচনাযুক্ত ক'ভিড চেন্টাৰ

যোৰহাট, 3 আগষ্ট : ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাতো কৰ'ণা ভাইৰাছে এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷

শেহতীয়াকৈ জিলাখনত আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে নতুন ক'ভিড কেন্দ্ৰ মুকলি কৰিব প্ৰশাসনে ৷ প্ৰায় 300 ৰোগীক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ক'ভিড কেন্দ্ৰটো ৷ জানিব পৰা মতে, জিলাখনত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে কাষৰীয়া চিকিৎসা কেন্দ্ৰ সমূহত আসনৰ অভাৱ হোৱাৰ বাবে নতুন ক'ভিড কেন্দ্ৰ স্থাপনৰ চিন্তা কৰিছে প্ৰশাসনে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৰহাট ক্ৰীয়া সন্থাৰ খেল পথাৰত নিৰ্মাণ কৰা হৈছে ক'ভিড কেন্দ্ৰটো ৷ ইফালে, জিলা উপায়ুক্ত ৰশ্মী অপাৰেন্জী কৰাটীয়ে জনোৱা অনুসৰি, 15 আগষ্টৰ পূৰ্বে মুকলি কৰা হ'ব ক'ভিড কেন্দ্ৰটো ৷ একেদৰে, 15 আগষ্টৰ পিচত যোৰহাটত সম্পূৰ্ণৰূপে ব্যৱসায় প্ৰতিষ্ঠান খোলাৰো সম্ভাৱনা আছে ৷

উল্লেখ্য যে, 2 আগষ্টত স্বাস্থ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 42904 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 32384 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 10412 গৰাকী আৰু মৃত্য়ু হোৱা ৰোগীৰ সংখ্য়া 105 গৰাকী ৷

লগতে পঢ়ক : শিলচৰত ৰাম মন্দিৰ বিতৰ্কঃ দুই পক্ষৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.