নিউজ ডেস্ক, 30 নৱেম্বৰ : যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ আন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষীয়ে (Jorhat mob lynching main accused arrested) ৷ গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰজ দাস আৰু নিৰজৰ ভাতৃ ভাইটী দাস ৷
![Jorhat mob lynching main accused arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13773263_1.jpg)
এই ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে মুঠ দহ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ নাম ক্ৰমে, বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেব দাস, মহেশ দাস, সৰু ল’ৰা দাস, বঙালী দাস আৰু সুভাষ দাস বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক