ETV Bharat / state

যোৰহাট অগ্নিকাণ্ডৰ বুজ ল'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে

author img

By

Published : Aug 10, 2020, 9:24 AM IST

Updated : Aug 10, 2020, 11:16 AM IST

দেওবাৰে নিশা যোৰহাট চহৰৰ এ টি ৰোডৰ সমীপৰ মাৰোৱাৰী পট্ৰীৰ নিবাসী গোপাল সিংঘি নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বৈদ্যুতিক বিসংগতিৰ বাবে সংঘটিত হোৱা অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় । লগতে মৃত্যু হয় দুগৰাকী সদস্যৰ ৷ ইফালে সোমবাৰে এই অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

Jorhat masive fire
যোৰহাটত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট, 10 আগষ্ট: সোমবাৰে যোৰহাটৰ অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাস্থলী পৰ্যবেক্ষণ কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ ঘটনাস্থলী পৰ্যবেক্ষণ কৰি তেওঁ কয় যে,পৰিৱেশ-পৰিস্থিতি নিৰীক্ষণ কৰা পাচত জিলাখনৰ অগ্নি নিৰ্বাপক বাহিনীক আধুনিকীকৰণ কৰা হ’ব ৷ অগ্নি নিৰ্বাপক বাহিনীত নতুনত্ব অনা হ’ব ৷ ৰাজ্য চৰকাৰলৈ অনুৰোধ কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰী সাহাৰ্য প্ৰদান কৰা আশ্বাস দিয়ে অধ্যক্ষ গৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে পুনৰ যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা 1.30 বজাত যোৰহাট চহৰৰ এ টি ৰোডৰ সমীপৰ মাৰোৱাৰী পট্টিৰ গোপাল সিংঘি নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ লোকজনৰ নিজ ঘৰৰ কাষতে আছিল যান-বাহনৰ যন্ত্ৰ-পাতি বিক্ৰীৰ প্ৰতিষ্ঠান । বৈদ্যুতিক বিসংগতিৰ বাবে সংঘটিত হোৱা অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় । ইয়াৰ লগতে কাষৰীয়া চাৰিটা বাসগৃহলৈও সম্প্ৰসাৰিত হৈছে জুই ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে চিনামৰা অ’ এন জি চি আৰু বায়ুসেনাৰ অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ ঘটনাৰ পাচতে সমগ্ৰ যোৰহাট চহৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷

এই অগ্নিকাণ্ডত গোপাল সিংঘিৰ পৰিয়ালৰ 5 জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত লোককেইগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও ইয়াৰ মাজৰ দুগৰাকী সদস্য গোমতী দেৱী আৰু সত্যনাৰায়ণ আগৰৱালা ইতিমধ্যে মৃত্যু হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। আনহাতে,আহত কেইগৰাকী হৈছে-মহেন্দ্ৰ আগৰৱালা,কৃষ্ণ গোপাল আগৰৱালা আৰু উষা আগৰৱালা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

Last Updated : Aug 10, 2020, 11:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.