যোৰহাট, 26 মাৰ্চঃ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা তলাবন্ধৰ আজি দ্বিতীয় দিন ৷ সমগ্র দেশতে এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো যোৰহাটৰ জনতাই এতিয়াও বুজি উঠা নাই মাৰাত্মক কৰ’ণা ভাইৰাছৰ ভয়াৱহতা ৷ তলাবন্ধৰ দিন কেইটাত পুৱা ৮ বজাৰ পৰা ১১ বজালৈ পাইকাৰী দোকান খোলাৰ অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে ৷ কিন্তু ইয়াৰ বিপৰীতে যোৰহাটৰ বজাৰত দেখা যায় জনসমাগম ৷
লগতে পঢ়ক-মৰিগাঁও আৰু বৰপেটা ৰোডত লক্ ডাউনৰ প্ৰতি সতৰ্ক আৰক্ষী প্ৰশাসন !