ETV Bharat / state

আপোনাৰ সহায়ে মুখত হাঁহি বিৰিঙাব দুৰ্ভগীয়া জ্যোৎস্নাৰ - যুঁজত যুজিবলৈ লাগে আপোনাৰ এধানি সহায়ৰ হাত

সপোন দেখিবলৈ লোৱাৰ সময়ত জীৱনৰ কঠিন যুঁজত এগৰাকী যুৱতী । জীৱন-মৃত্যু যুঁজত যুজিবলৈ লাগে আপোনাৰ এধানি সহায়ৰ হাত ।

বৃক্কৰ ৰোগত আক্ৰান্ত দুৰ্ভগীয়া যুৱতীগৰাকী
author img

By

Published : Sep 30, 2019, 7:47 PM IST

যোৰহাট, 30 চেপ্টেম্বৰ : এগৰাকী যুৱতীৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব পাৰে আপোনাৰো চকু ৷ সপোন আছিল - উচ্চ শিক্ষা গ্ৰহণেৰে ভৱিষ্যতে নিজকে স্বাৱলম্বী কৰি দেউতাকক সহায় কৰা । কিন্তু এতিয়া শয্যাগত হৈ হেৰুৱাইছে জীৱনৰ স্বপ্ন ৷ পশ্চিম যোৰহাটৰ যুৱতী জ্যোৎস্না দাসৰ কাহিনী এয়া ৷ ৰাজনৈতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লৈ সৰ্বোদয় কলেজৰ পৰা যোৱাবৰ্ষ শিক্ষা সাং কৰা জ্যোৎস্নাৰ সকলো সপোন তচনচ কৰি যেন বাট ভেঁটি ধৰিলে নিয়তিয়ে ৷

যোৰহাটত ৰুগীয়া যুৱতীৰ কৰুণ কাহিনী , পিতৃৰ সহায়ৰ বাবে কাতৰ অনুৰোধ

মাত্ৰ ২২ বছৰ বয়সতে বৃক্কৰ এক কঠিন ৰোগত আক্ৰান্ত হৈ এতিয়া শেতেলিত শুই ৰৈছে দুৰ্ভগীয়া যুৱতীগৰাকী । পিতৃ কুলধৰ দাসে জীৱিকাৰ একমাত্ৰ সম্বল তিনি চকীয়া বাহন এপে চলাই চলাই চিকিৎসা কৰি ভাগি পৰিছে । ই টিভি ভাৰতৰ সাংবাদিকৰ আগত কুলধৰ দাসে কান্দি কান্দি ৰাজ্য মুখ্যমন্ত্ৰী,বিত্তীয় মন্ত্ৰী আৰু ৰাইজলৈ আৰ্থিক সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে ।

পশ্চিম যোৰহাটৰ দেৰগাঁৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং ভুৰাকলা গাঁৱৰ বাসিন্দা কুলধৰ দাস আৰু জোনমণি দাসৰ কন্যা জ্যোৎস্না দাস এতিয়া মৃত্যুৰ সৈতে যুজঁ কৰি আছে । পৰিয়ালটোৰ এনেকুৱা দুখৰ দিনত আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে ৷ অসম গ্ৰামীণ বিকাশ বেংকৰ যোগেদি আৰ্থিকভাৱে সহায় কৰি পৰিয়ালটোক কিছু পৰিমাণে হ'লেও আৰ্থিক সকাহ আগবঢ়াব পাৰে ।
branch name :khongia(7204)
account : 7204010030700
ifsc: UTBIORRBAGB

আনহাতে, প্ৰত্যক্ষভাৱে যোগাযোগ কৰিবলৈ হলে 9859364421 নম্বৰত যোগাযোগ কৰিব পাৰে । আহকচোন, এমুঠি হাঁহিৰ বাবে এধানি সহাঁৰিৰ হাত আগবঢ়াওঁ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.