তিতাবৰ,12আগষ্ট : বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত হাহাকাৰময় পৰিস্থিতি ৷ সোমবাৰে স্বাস্থ্য কেন্দ্ৰটোত তলা ওলোমালে কৃষক মুক্তি সংগ্ৰাম সমিতি বৰহোলা আঞ্চলিকে ৷ স্থানীয় লোকৰ অভিযোগ চিকিৎসক উপস্থিত নাথাকে স্বাস্থ্য কেন্দ্ৰটোত ৷ স্বাস্থ্য কেন্দ্ৰৰ সলনি নিজ চেম্বাৰত ২০০ টকা লৈ ৰোগী চোৱাত ব্যস্ত থাকে চিকিৎসক ৷ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বহুবাৰ জনায় আহিছে যদিও কোনো গুৰুত্ব গ্ৰহণ কৰা নাই বিভাগটোৱে ৷ যাৰ বাবে অঞ্চলবাসী অতিষ্ঠ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি বৰহোলা আঞ্চলিকৰ লগত স্বাস্থ্য কেন্দ্ৰটোত ওলোমাই তলা ৷ অনাগত দিনত যদি এই ঘটনাৰ পুনৰাবৃত্তি হয়, তেন্তে স্বাস্থ্য কেন্দ্ৰটো বন্ধ কৰি দিয়া হ'ব বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে ৷
নাই চিকিৎসক : হাহাকাৰ স্বাস্থ্য কেন্দ্ৰত - বৰহোলা
বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতি বৰহোলা আঞ্চলিকে ওলোমালে তলা ৷ স্বাস্থ্য কেন্দ্ৰৰ সলনি নিজ চেম্বাৰত ২০০ টকা লৈ ৰোগী চোৱাত ব্যস্ত থাকে চিকিৎসক ৷

Conclusion: