যোৰহাট,5 নৱেম্বৰ : যোৰহাটৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 70 নং মধ্য খঙীয়া গাওঁ পঞ্চায়তৰ ঢেকেলীয়া গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰমেশ কলিতা আজিৰ পৰা কিছুবছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হোৱাত তেওঁৰ দুই হাত-ভৰি অকামিলা হৈ পৰে । লগে লগে পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিশা ।
পত্নীয়ে ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰি কোনোৰকমে পোহপাল দিছে পৰিয়ালটো । শুবলৈ নাই এখন বিচনা । ঘৰৰ মূধচেৰে সহজে দেখা পায় আকাশ । ঘৰৰ বেৰবোৰো উৱলি গৈছে । আনহাতে বৰষুণ দিলেই চিন্তাত পৰে পৰিয়ালটো । কাৰণ তেওঁলোকৰ ভগা জুপুৰিটোৰ টিনবোৰ ফুটা হৈ গৈছে ।
উল্লেখ্য যে, ৰমেশ কলিতাৰ কন্যাই এইবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কিন্তু বিনামূলীয়া নামভৰ্তি লাভ কৰিও কলেজলৈ যাবলৈ অসুবিধা হোৱাৰ বাবে কন্যাই ত্যাগ কৰিলে শিক্ষা জীৱন ।
প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিয়েও আজিলৈকে ঢুকি পোৱা নাই পৰিয়ালটোক ৷ ফলত এতিয়া উপায়হীন দুৰ্ভগীয়া পৰিয়ালটোৱে সুহৃদয়ৱান লোকৰ সহায় বিচাৰিছে ।
কোনো হৃদয়ৱান লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ নম্বৰ 719902900 1016, IFSC-UTBIORRBAGBত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷
লগতে পঢ়ক : গুৱাহাটী মহানগৰীত জ্বলিল মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি