যোৰহাট,8 জুলাইঃ ভোগদৈৰ বানত বিধ্বস্ত উত্তৰ-পশ্চিম যোৰহাটৰ জনজীৱন ৷ ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ভোগদৈ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰাৰ এমাহৰো পাছতো জলসম্পদ বিভাগে বিজ্ঞানসন্মত ভাৱে কোনো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে ৷ ভোগদৈ ছিগা অংশৰে বাঢ়নী পানী সোমাই উত্তৰ-পশ্চিম যোৰহাটৰ ২০ খনৰো অধিক গাঁও প্লাৱিত কৰি তুলিছে ৷ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে ৷ যোৱা ২২ মে' তাৰিখৰ সন্ধিয়া সময়ত ভোগদৈৰ বাঢ়নী পানী ছিঙি নিয়াৰ পাছৰে পৰা এই পৰ্যন্তলৈকে জলবন্দী হৈ আছে উত্তৰ পশ্চিম যোৰহাটৰ জনসাধাৰণ ৷ জলসম্পদ বিভাগৰ লগতে যোৰহাট জিলা প্ৰশাসনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া সাধাৰণ ৰাইজে ।
ইতিমধ্যে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত থকাৰ ফলত কৃষিজীৱি ৰাইজে খেতি কৰিব নোৱাৰি হতাশাত ভুগিছে । জলসম্পদ বিভাগৰ লগতে যোৰহাট জিলা প্ৰশাসনে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে । কৃষিজীৱী জনসাধাৰণে এইবাৰ কৰিব নোৱাৰিব বছৰৰ খেতিটোৱো । ইতিমধ্যে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত থকাৰ ফলত কৃষিজীৱি ৰাইজে এতিয়া খেতি কৰিব নোৱাৰি হতাশাত ভুগিছে । ইফালে বাৰিষাৰ পিছতহে জলসম্পদ বিভাগে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি আশা কৰিছে সাধাৰণ ৰাইজে । যাৰফলত এতিয়া উত্তৰ-পশ্চিম যোৰহাটৰ জনসাধাৰণে বাট চাব লাগিব খৰালি অহালৈ । এইক্ষেত্ৰত চৰকাৰ তথা মন্ত্ৰী বিধায়কে অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সাধাৰণ ৰাইজে ৷