ETV Bharat / state

চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয় - যোৰহাটৰ টিয়ক চাহ বাগিচা

জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ যোৰহাটত ৷

স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয়
author img

By

Published : Sep 2, 2019, 3:00 PM IST

যোৰহাট, 2 ছেপ্তেম্বৰঃ প্ৰয়াত দেৱেন দত্তৰ হত্যাৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰে যোৰহাটৰ টিয়ক চাহ বাগিচাত নৃশংস ভাৱে হত্যা কৰা হৈছিল চিকিৎসক দেৱেন দত্তক ৷

স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয়

চিকিৎসক সকলে জৰুৰীকালীন সেৱাৰ বাহিৰে মহাবিদ্যালয় খনৰ সকলো ধৰণৰ চিকিৎসা সেৱা বন্ধ কৰিছে। আনহাতে যোৰহাট জিলাৰ সকলো পেথলেৱ সমূহ দুটা দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হোৱাৰ ফলত স্থবিৰ হৈ পৰিছে চিকিৎসা সেৱা। যাৰফলত জনসাধাৰণৰ হাহাকাৰ অৱস্থা হৈ পৰিছে ৷ ইপিনে দেৱেন দত্তৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক কৰ্টৰ জড়িয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সন্থাই। উল্লেখ্য যে 73 বছৰীয়া দেৱেন দত্তই অৱসৰ গ্ৰহণ কৰি মানৱ সেৱাৰ উদ্দেশ্য আগত ৰাখি বিনা বেতনে টিয়ক চাহ বাগিচাৰ চিকিৎসালয খনত সেৱা আগবঢ়াই আহিছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌৰভ বৰকাকতিয়ে কয় যে চিকিৎসকৰ ওপৰত ঘটা ঘটনা এইয়াই শেষ হওক । আনহাতে আজি যোৰহাটত জিলাৰ ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰিও 3 ছেপ্টেম্বৰত ৰাজ্য জুৰি দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয়।।জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ যোৰহাটত।।

শনিবাৰে যোৰহাটৰ টিয়ক চাহ বাগিচাত নৃশংস ভাৱে হত্যা কৰা হৈছিল চিকিৎসক দেৱেন দত্তক।প্ৰয়াত দেৱেন দত্তৰ হত্যাৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।জৰুৰীকালীন সেৱাৰ বাহিৰে মহাবিদ্যালয় খনৰ সকলো ধৰনৰ চিকিৎসা বন্ধ কৰিছে।আনহাতে যোৰহাট জিলাৰ সকলো পেথলেৱ সমুহ দুটা দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হোৱাৰ ফলত স্হবিৰ হৈ পৰিছে চিকিৎসা সেৱা।যাৰফলত হাহাকাৰ অৱস্থা হৈ পৰিছে জনসাধাৰণৰ।উল্লেখযোগ্য যে দেৱেন দত্তৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক কৰ্টৰ জড়িয়তে দৃষ্টান্ত মুলক শান্তি প্ৰদান কৰিবলৈ দাবী কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সন্হাই।

উল্লেখযোগ্য যে ৭৩ বছৰীয়া দেৱেন দত্তই অৱসৰ গ্ৰহণ কৰি মানৱ সেৱাৰ উদ্দেশ্য আগত ৰাখি বিনা বেতনে টিয়ক চাহ বাগিচাৰ চিকিৎসালয খনত সেৱা আগবঢ়াই আহিছিল।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹সৌৰভ বৰকাকতিয়ে অতি দুখৰে কয় যে চিকিৎসকৰ ওপৰত ঘটা ঘটনা এইয়াই শেষ হওক।আজি যোৰহাট জিলা ভিক্তিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰিও ৩ ছেপ্টেম্বৰত ৰাজ্য জুৰি দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.