যোৰহাট, 25 মাৰ্চঃ লক ডাউনৰ সময়ত কোনো ধৰণৰ অসুবিধা সন্মুখীন নহয় ৰাইজৰ । বুধবাৰে সংবাদমেল সম্বোধন কৰি লক ডাউন সন্দৰ্ভত মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্তই ৷ সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয়, বৰ্তমানেও মজুত আছে অত্যাৱশ্যকীয় সামগ্ৰী তথা মেডিকেলৰ সামগ্ৰী । বৰ্তমানলৈকে ৫৮৬১ জন লোকক এতিয়ালৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্কেনিং কৰা হৈছে । ইয়াৰে বিদেশী পৰ্যটক ১৬ জন । ১৩৮৭ জনক ৰখা হৈছে হম আইছ'লেচনত । যোৰহাটত জৰুৰী কালীন সেৱাৰ বাবে ৩৭ টা ফ্লায়িং স্কাৱাদ গঠন কৰি দিয়া হৈছে ।
আনহাতে ব্যৱসায় সম্পৰ্কত পাইকাৰী প্ৰতিস্থান সমুহ পুৱা ৮ বজাৰ পৰা ১১ বজালৈ খোলাৰ বিপৰীতে খুচুৰা দোকান সমুহ দিনৰ ১২ বজাৰ পৰা ৫ বজালৈকে খুলা ৰাখিব পাৰিব ।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে কৰুণা ভাইৰাছত আক্ৰান্তৰ বাবে ৪৫ খন বেড,সন্দেহ জন ব্যক্তিৰ বাবে ১৭৭ খন বেড,১২ টি আই চি উ,বিপৰীতে ৭ টা আইছলেচন বেড আছে ।