ETV Bharat / state

আৰক্ষীৰ জিম্মাত মেৱানী; যোৰহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 28, 2022, 7:42 PM IST

গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত অসমত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ । গুজৰাটৰ কংগ্ৰেছ বিধায়কগৰাকীক মুক্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কংগ্ৰেছৰ । মোডীৰ অসম ভ্ৰমণৰ(PM Modi visit Assam) মাজতেই গুজৰাটৰ বিধায়কগৰাকীক মুক্তিৰ দাবীত যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ ৷

jorhat-congress-protests-demanding-release-of-jignesh-mevani
মোডী অসম ভ্ৰমণৰ সময়তে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

যোৰহাট, 28 এপ্ৰিল : গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে যোৰহাট জিলা কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Congress protest at Jorhat) ৷ জিগনেশ মেৱানীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ(Jignesh Mevani arrested by Barpeta police) কৰাৰ অভিযোগ কৰি যোৰহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা কংগ্ৰেছে ।

প্ৰতিবাদকাৰীসকলে যোৰহাট কংগ্ৰেছ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা ওপৰত বিজেপি চৰকাৰে আক্ৰোশমূলক মনোভাৱ গ্ৰহণ কৰাৰ অভিযোগ কৰে ৷

যোৰহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে বিধায়ক জিগনেশ মেৱানীক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনায় (Congress demands release of Jignesh Mevani)৷ ইয়াৰ লগতে চৰকাৰক ৰাজনৈতিক ষড়যন্ত্ৰৰে গণতান্ত্ৰিক কণ্ঠ ৰোধ কৰাৰ পৰিৱৰ্তে যি প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল, সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক : Jignesh Mevani Latest News : জিগনেশ মেৱানীক মুক্তিৰ দাবীত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.