ETV Bharat / state

Jorhat Chowk Bazaar fire : ঐতিহাসিক চ'ক বজাৰ আৰু নাই..! - Jorhat chowk bazaar destroyed

যোৰহাটৰ চ'ক বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড (Jorhat fire)। সম্পূৰ্ণৰূপে জ্বলি নিঃশেষ হৈ গ'ল 351 খনতকৈও অধিক বিপণী । কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত । জুইৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ।

Jorhat Chowk Bazaar fire
ঐতিহাসিক চ'ক বজাৰ আৰু নাই
author img

By

Published : Feb 17, 2023, 1:08 PM IST

ঐতিহাসিক চ'ক বজাৰ আৰু নাই

যোৰহাট,১৭ ফেব্ৰুৱাৰী : নিমিষতে শেষ হৈ গ'ল যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰ (Historic Jorhat Chowk Bazaar fire)। জুইত চূৰ্ণ বিচূৰ্ণ হৈ গ'ল প্ৰায় ৩০০০ পৰিয়ালৰ সপোন । বৃহস্পতিবাৰৰ নিশাৰ ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই । এতিয়াও ঠায়ে ঠায়ে উমি উমি জ্বলিছে জুই (Fire at Jorhat chowk bazaar)।

উল্লেখ্য যে ১৯৫১ চনতে স্থাপন হোৱা ঐতিহাসিক চ'ক বজাৰৰ অস্তিত্ব বুলিবলৈ এতিয়া আছে মাত্ৰ ধ্বংসস্তুপ (Jorhat chowk bazaar destroyed)। চাৰিওফালে কেৱল ধ্বংসাৱশেষ । প্ৰায় 351 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে এতিয়া মাথো ভয়ংকৰ অগ্নিকাণ্ডৰ কথা চিন্তা কৰি চিৎকাৰ কৰি উঠিছে (351 shops damaged due to fire)। নিশা প্ৰায় ৯.৩০ বজাতে জুই সূত্ৰপাত হৈছিল বজাৰখনত । কিন্তু এই জুই ইমানে ভয়াৱহ আছিল যে এতিয়াও আনুষ্ঠানিকভাৱে জুই নিৰ্বাপিত হৈছে বুলি যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰিব পৰা নাই ।

উল্লেখ্য যে নিশা যোৰহাট নগৰৰ মাজভাগতে থকা চ'ক বজাৰত জুইৰ সূত্ৰপাত হৈছিল । নিমিষতে ধ্বংসস্তুপত পৰিণত চ'ক বজাৰত থকা 351 খন ব্যৱসায়িক প্ৰতিষ্ঠান । একাংশৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল (Massive fire at Jorhat)। আন একাংশৰ মতে দুষ্কৃতিকাৰীয়ে বজাৰত অগ্নি সংযোগ কৰিছে । অৱশ্যে এতিয়াও এই কথা স্পষ্ট হোৱা নাই যে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল ।

আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইফালে এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কেইবাকোটি টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয় । বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ উপাৰ্জনৰ একমাত্ৰ ভৰষা আছিল জুইত নিঃশেষ হোৱা বিপণীখন । যাৰ বাবে এতিয়া বহু ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়াল শোকত ভাগি পৰিছে ।

ইফালে অগ্নিকাণ্ডৰ সময়ত বজাৰৰ ভিতৰত উচ্চ প্ৰাবল্যৰ আতচবাজীৰ শব্দও শুনিবলৈ পোৱা গৈছিল । জনবহুল আৰু অতি ঠেক বজাৰখনত কিয় আতচবাজীবোৰ মজুত কৰা হৈছিল তাক লৈও এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । শুকুৰবাৰে পুৱাৰ ভাগতো অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা দেখা গৈছে । এই অগ্নিকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে ঐতিহাসিক বজাৰখন এনেদৰে জ্বলি নিঃশেষ হোৱা দেখি উদ্বিগ্ন হৈ পৰিছে যোৰহাটবাসী ।

লগতে পঢ়ক :Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.