যোৰহাট, 29 জুলাই: বিগত বৰ্ষসমূহৰ দৰে শুকুৰবাৰেও হীৰেন ভট্টাচাৰ্য স্মৃতিৰক্ষা সমিতি, যোৰহাট শাখাই সুগন্ধি পখিলাৰ কবিগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্য আয়োজন কৰে অনুষ্ঠানৰ ৷ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত তথা যোৰহাটৰ জ্যোতি চিনে ক্লাব, হীৰেন ভট্টাচাৰ্য স্মৃতি সংৰক্ষণ কেন্দ্ৰীয় সমিতিৰ লগতে যোৰহাটৰ বহু বিশেষ অনুষ্ঠান, প্ৰতিষ্ঠানৰ সহযোগত কবিগৰাকীৰ ওপজা দিনটো "হীৰুদাৰ দিন" হিচাপে দিনজোৰা কাৰ্যসূচীৰে যোৰহাটত আয়োজন কৰা হয় । শুকুৰবাৰৰ পুৱা যোৰহাটৰ বহু ব্যক্তিয়ে কবিগৰাকীৰ বৰভেটাস্থিত জন্মগৃহত উপস্থিত হৈ কবিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ পাছতে যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ চৌহদত অনুষ্ঠিত হয় মূল কাৰ্যসূচীৰ । গীত-কবিতাৰ লগতে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ বাকৰিত কবিগৰাকীৰ ছবিৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । তদুপৰি শুকুৰবাৰে তাৰকাগৃহৰ বাকৰিত সুগন্ধি পখিলাৰ কবিগৰাকীৰ বিভিন্ন কবিতা, গীতৰ আধাৰত বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী, দিলীপ তামুলী, চম্পক বৰবৰা, ভৃগুপতি হাজৰিকা আৰু পৰীক্ষিত বৰুৱাই অংকন কৰে কবি গৰাকীৰ ছবি । আনহাতে কবি গৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক সভাৰ । উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে হীৰেন ভট্টাচাৰ্য স্মৃতিৰক্ষা সমিতিৰ সভাপতি হেমন্ত কলিতাই ।
![91 th birthday celebration of Hira da in Jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/as-jrtnewsfrompositivestory-bi-vi-10050_28072023153419_2807f_1690538659_482.jpg)
আদৰণি ভাষণ প্ৰদান কৰি দিয়া ভাষণত হেমন্ত কলিতাই কয় যে, সুগন্ধি পখিলাৰ কবিগৰাকীৰ কবিতা তথা তেওঁৰ সৃষ্টি ৰাজিয়ে সেইসময়ৰ যুৱক সকলৰ মনত অনন্য ৰূপত ৰেখাপাত কৰিছিল । এক বিশেষ সাংস্কৃতিক মনৰ গঢ় দিছিল সেই সময়ৰ যুৱকসকলৰ মনত । সভাখনত উপস্থিত থাকে গণশিল্পী লোকনাথ গোস্বামী । গায়ক লোকনাথ গোস্বামীয়ে কবি হীৰেন ভট্টাচাৰ্যৰ সৃষ্টিৰাজিক গীতেৰে, কবিতাৰে উপস্থাপন কৰাৰ লগতে তেওঁ কবি গৰাকীৰ কেইবাটাও গীত পৰিৱেশন কৰি ইয়াৰ অৰ্থ ব্যাখ্যা কৰে ।
একেটা কাৰ্যসূচীতে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক বিষয় হিচাপে লৈ তেখেতৰ গুণমুগ্ধসকলে আয়োজন কৰে এক বিশেষ "আড্ডা"ৰ । য’ত উপস্থিত আটায়ে কবিগৰাকীৰ সৃষ্টি, অসমীয়া কাব্য সাহিত্যলৈ কবিগৰাকীৰ অৱদান আদি সন্দৰ্ভত ৰসাল তথা তত্বগধূৰ আলোচনা কৰে । এই আড্ডা অনুষ্ঠানৰ আঁত ধৰে সৌমিত্ৰ পূজাৰী আৰু দীপক নাথে । এই "আড্ডা" ত অংশগ্ৰহণ কৰি সুগন্ধি পখিলাৰ কবিগৰাকীৰ পৰিবাৰ পাৰুল ভট্টাচাৰ্য, শিল্পী ননি বৰপূজাৰী, দিলীপ তামুলী, চম্পক বৰবৰা প্ৰমুখ্যে বহু শিল্পীয়ে অংশগ্ৰহণ কৰে ।
আনহাতে একেটা অনুষ্ঠানতে হীৰেন ভট্টাচাৰ্য স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰা অনলাইন কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়।
লগতে পঢ়ক : INDIA alliance to visit Manipur: INDIA মিত্ৰজোঁটৰ 20 জনীয়া সাংসদে শনিবাৰে ভ্ৰমণ কৰিব মণিপুৰ