ETV Bharat / state

Rebellion in BJP : বিজেপিৰ বিদ্ৰোহক লৈ জিলা সভাপতিৰ স্পষ্টীকৰণ - Jorhat BJP conflict

জিলা সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি উপ সভাপতি কুমুদ কছাৰীয়ে পদত্যাগ কৰিছে (Jorhat BJP Vice president resign)। কছাৰীৰ পদত্যাগৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে সভাপতিয়ে ঘোষণা কৰা মতে দলত কোনো বিসম্বাদ নাই ।

Rebellion in BJP
বিজেপিৰ বিদ্ৰোহক লৈ জিলা সভাপতিৰ স্পষ্টীকৰণ
author img

By

Published : May 28, 2023, 2:20 PM IST

বিজেপিৰ বিদ্ৰোহক লৈ জিলা সভাপতিৰ স্পষ্টীকৰণ

যোৰহাট,২৮ মে': সমাগত লোকসভা নিৰ্বাচন (Upcoming Lok Sabha Election)। তাৰ প্ৰাকক্ষণত অসম ৰাজ্যিক বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে । জিলা জিলাই বিজেপিৰ ভিতৰচ'ৰাত অন্তঃকন্দল আৰম্ভ হোৱা দেখা গৈছে । তাৰ অন্যতম উদাহৰণ যোৰহাট জিলা বিজেপি । শেহতীয়াকৈ যোৰহাট জিলা বিজেপিৰ আভ্যন্তৰত হোৱা বিদ্ৰোহে বিশেষ চৰ্চা লাভ কৰিছে ।

জিলা সভাপতিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে উপ সভাপতি কুমুদ কছাৰীয়ে পদত্যাগ কৰিছে (Kumud Kachari resign)। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জিলা উপ সভাপতি তথা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ কছাৰীয়ে । পদত্যাগ পত্ৰত কছাৰীয়ে জিলা সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে ।

ইফালে এই সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে বিশেষ পদক্ষেপ লৈছে । জানিব পৰা মতে জিলাৰ তিনিগৰাকী বিষয়ববীয়ালৈ ৰাজ্যিক বিজেপিয়ে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে । এনে এক পৰিস্থিতিত শনিবাৰে টীয়কৰ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থকা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে বিজেপিত কোনো বিসম্বাদ নাই (Jorhat BJP conflict)। দুই এটা খুটি-নাতি আছে, থকাটো স্বাভাৱিক ।

তেওঁ দাবী কৰা মতে অন্য ৰাজনৈতিক দলৰ কোনো লোক বিজেপিত সোমাইছে । যাৰ ফলত এনে বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । লগতে দলীয় ঐক্য ৰক্ষাৰ স্বাৰ্থত সকলোৰে একত্ৰিত হৈ এৰা ধৰাৰ মাজেৰে কাম কৰি যাবলৈও তেওঁ আহ্বান জনায় (Jorhat BJP President reacts over conflict)।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনৰে পৰা যোৰহাটৰ শক্তিশালী নেতা হৈ থকা কুমুদ কছাৰীৰ পদত্যাগক লৈ সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তেওঁৰ পদত্যাগে দলটোক বৃহৎ পৰিমাণে ক্ষতি কৰিব বুলিও বহুতে সন্দেহ কৰিছে । ইয়াৰ মাজতে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী কৰা মতে দলত কোনো বিসম্বাদ নাই । বিজেপি অনুশাসন থকা দল আৰু যিসকলে অনুশাসন নাজানে তেওঁলোকক শিকি ল'বলৈও ভৱেশ কলিতাই আহ্বান জনায় ।

লগতে পঢ়ক : Assam BJP conflict: এয়া দলৰ বিসম্বাদ নহয়: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.