ETV Bharat / state

যোৰহাটত কংগ্ৰেছৰ মাণ্ডলিক পৰ্যায়ৰ বিষয়ববীয়া সভাত উপস্থিত জিতেন্দ্ৰ সিং

author img

By

Published : Nov 2, 2020, 10:06 PM IST

যোৰহাটত কংগ্ৰেছৰ মাণ্ডলিক পৰ্যায়ৰ বিষয়ববীয়া সভা ৷ উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং ৷ দায়িত্ব গ্ৰহণ কৰিয়েই নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সিং ৷ অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য জিতেন্দ্ৰ সিঙৰ ৷

যোৰহাটত ঢোলে ডগৰে আদৰণি জিতেন্দ্ৰ সিঙক
যোৰহাটত ঢোলে ডগৰে আদৰণি জিতেন্দ্ৰ সিঙক

যোৰহাট, 2 নৱেম্বৰ : যোৰহাটত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক ঢোলে ডগৰে আদৰণি ৷ যোৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ মাণ্ডলিক বিষয়ববীয়া সভাত অংশগ্ৰহণ জিতেন্দ্ৰ সিঙৰ ৷ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে দলীয় কাম কাজত যথেষ্ট তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷

যোৰহাটত ঢোলে ডগৰে আদৰণি জিতেন্দ্ৰ সিঙক

দেওবাৰে যোৰহাটত অনুষ্ঠিত হোৱা যোৰহাট, শিৱসাগৰ, গোলাঘাট, মাজুলী আৰু চৰাইদেউ কংগ্ৰেছ কমিটিৰ দলীয় মাণ্ডলিক বিষয়ববীয়া সভাত জিতেন্দ্ৰ সিঙৰ সৈতে ৰাজ্যিক সভাপতি ৰিপুন বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, ৰজলিনা তিৰ্কী, ৰূপজ্যোতি কুৰ্মী, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুৎ বৰদলৈ, সুশান্ত বুহাগোঁহাই আৰু ৰাণা গোস্বামী সহ বহু কংগ্ৰেছী নেতা উপস্থিত থাকি আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰণনীতি তৈয়াৰ কৰে ৷

2021 ৰ নিৰ্বাচনক লৈ মন্তব্য কৰি সিঙে কয় যে শাসনাধিষ্ঠ চৰকাৰখনে ৰাইজক যথেষ্ঠ তিক্ততা দিছে সেয়ে অসমৰ জনসাধাৰণে যিমান সোনকালে সম্ভৱ হয় নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে ৷ পূৰ্বৰ দৰে এইবাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশত পলম নহয় বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে অসমৰ ৰাইজসকল স্বাভিমানী আৰু তেওঁলোকে ভোট বিক্ৰী নকৰে ৷
লগতে পঢ়ক:শ্বেৰমান আলীক বহিস্কাৰৰ দাবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.