ETV Bharat / state

পিতৃৰ জন্ম স্থানত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

পিতৃৰ জন্ম স্থান টীয়কত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জনালে ৰাজ্যৰ মুখ্য সচিব গৰাকীক ৷

jishnu baruah visit his father's birth place

author img

By

Published : Nov 19, 2020, 10:59 PM IST

টীয়ক, 19 নৱেম্বৰ : অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আজি পিতৃৰ জন্মস্থান টীয়ক চাওদাং গাঁৱত উপস্থিত হয় ৷ গাঁৱৰ নামঘৰত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰীভাৱে প্ৰয়োজনীয় ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে । সচিবগৰাকী উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়নেৰে আদৰি নামঘৰলৈ লৈ যোৱাৰ লগতে আত্মীয় কুটুম্বই দিয়া মৰম-চেনেহত তেওঁ আবেগিক হৈ পৰে আৰু পিতৃৰ জন্মস্থানলৈ পুনৰ সময় সুবিধা অনুসৰি অহাৰ কথা অৱগত কৰে ।

অনুষ্টূপীয়াকৈ আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত টীয়ক প্ৰেছ ক্লাব, টীয়ক জাতীয় বিদ্যালয়, চাওদাং গাঁও পৰিচালনা সমিতি, আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন যোৰহাট জিলা সমিতি, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদ, চাওদাং গাঁও মহিলা সমিতি, ফ’ৰলেণ্ড ক্ষতিগ্ৰস্ত দাবী সমিতি, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদি কৰি বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাইজৰ এই অকৃত্ৰিম মৰমত অভিভূত হৈ টীয়কবাসীক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ পাচতে পিতৃৰ জন্ম ভেটিত পত্নীৰ সৈতে উপস্থিত হৈ বংশ পৰিয়ালৰ লগত বাৰ্তালাপ কৰে । ৰাজ্যৰ মুখ্য সচিবগৰাকীক এনেদৰে কাষত পাই প্ৰতিজন টীয়ক বাসী আজি উৎফুল্লিত হৈ পৰিছে ৷

লগতে পঢ়ক : সম্পূৰ্ণ অনাময়ৰ উদ্দেশ্য়েৰে বিশ্ব শৌচালয় দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.