ETV Bharat / state

জল জীৱন মিছনৰ গ্ৰাম্য পানীযোগান আঁচনি: প্ৰশিক্ষণ সম্পন্ন - উপায়ুক্ত অশোক কুমাৰ বৰ্মনে

প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজিৰ সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে (Jorhat DC Ashok Kumar Barman) মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি স্বেচ্ছাসেৱীসকলক আন্তৰিকতাৰে নিজ নিজ কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনায় ৷

জল জীৱন মিছনৰ গ্ৰাম্য পানীযোগান আঁচনি: প্ৰশিক্ষণ সম্পন্ন

author img

By

Published : Jun 16, 2022, 7:03 PM IST

গুৱাহাটী, 16 জুন: যোৰহাট জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত জল-জীৱন মিছন আঁচনিখনৰ পৰিচালনাৰ বাবে নিয়োজিত স্বেচ্ছাসেৱীসকলৰ বাবে এক প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ যোৰহাটৰ প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ২০ দিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰশিক্ষণৰ আজি সফল সমাপ্তি হয় (Jal Jivan Mission training camp concluded at Jorhat) ৷

গ্ৰাম্য পানীযোগান আঁচনি পৰিচালনাৰ বাবে নিয়োজিত স্বেচ্ছাসেৱী কৰ্মীসকলক প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক সকলে প্লাম্বিং আৰু ইলেক্ট্ৰিকেলৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে৷ উল্লেখযোগ্য যে যোৰহাট জিলাত ৰাজ্যৰ ভিতৰত প্ৰথম এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

জল জীৱন মিছনৰ গ্ৰাম্য পানীযোগান আঁচনি: প্ৰশিক্ষণ সম্পন্ন
জল জীৱন মিছনৰ গ্ৰাম্য পানীযোগান আঁচনি: প্ৰশিক্ষণ সম্পন্ন

প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, এই দুয়োটা প্ৰতিষ্ঠানৰ প্ৰশিক্ষকসকলৰ লগতে বিভাগীয় বিষয়াসকলেও প্ৰশিক্ষণ প্ৰদান কৰে ৷ জল-জীৱন মিছনৰ বাবে নিয়োজিত প্ৰায় ২২৫ জন স্বেচ্ছাসেৱীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত অনুষ্ঠিত কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজিৰ সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে (Jorhat DC Ashok Kumar Barman) মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি স্বেচ্ছাসেৱীসকলক আন্তৰিকতাৰে নিজ নিজ কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনায় ৷

প্ৰতিঘৰতে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ চৰকাৰে হাতত লোৱা এই প্ৰচেষ্টা সফল ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰীসকল, স্থানীয় ৰাইজৰ লগতে স্বেচ্ছাসেৱী কৰ্মীসকলৰো অৱদান উল্লেখনীয় হ'ব বুলি উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে৷ স্বেচ্ছাসেৱীসকলক আজিৰ সামৰণি অনুষ্ঠানত একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হয় ৷

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উজনি অসমৰ অতিৰিক্ত মুখ্য কাৰ্যৱাহী অভিযন্তা প্ৰনব গোস্বামী, প্ৰিন্স অৱ ৱেলচ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যক্ষ, অধীক্ষক অভিযন্তা বিজিত দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যৱাহী অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা, যোৰহাট আৰু তিতাবৰৰ সহকাৰী কাৰ্যৱাহী অভিযন্তাদ্বয় দিপাংকৰ বৰা আৰু মাধুৰ্য শইকীয়া, দুয়োটা প্ৰতিষ্ঠানৰ প্ৰশিক্ষকসকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: অম্বুবাচী মেলা: নাথাকিব ভি আই পিৰ বাবে বিশেষ দৰ্শনৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.