ETV Bharat / state

টীয়কত বিকল অৱস্থাত জলসিঞ্চন বিভাগৰ পাম্প - চেল’ পাম্প

2020-21 বৰ্ষত টীয়ক সমষ্টিত কৃষকৰ সুবিধাৰ্থে বহুওৱা 50 টা চেল’ পাম্পৰ 12 টা পাম্প বিকল অৱস্থাত ৷ কৃষকসকলে চেল’ পাম্পসমূহ মেৰামতি কৰি খেতিৰ উপযোগী কৰিবৰ বাবে জলসিঞ্চন বিভাগ (Irrigation Department)ক আবেদন জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে ৷

irrigation-pump-damaged-in-teok
টীয়কত বিকল অৱস্থাত জলসিঞ্চন বিভাগৰ পাম্প
author img

By

Published : Jul 15, 2021, 10:00 PM IST

টীয়ক,15 জুলাই : জলসিঞ্চন বিভাগ (Irrigation Department)ৰ বিকল হোৱা ইলেক্ট্ৰ’নিকেল চেল’ পাম্প (Electronical Cello Pump)ক লৈ বিবুদ্ধিত পৰিছে কৃষক সমাজ ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগে কৃষক ৰাইজৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি আহিছে । কিন্তু কাৰ্যত এই আঁচনিসমূহ কিমান সফল ৰূপায়ণ হৈছে ? কোটি কোটি টকা ব্যয় সাপেক্ষে বৃহৎ বৃহৎ গভীৰ নলী-নাদ আঁচনি প্ৰস্তুত কৰা হৈছে ৷ বিশেষকৈ যোৰহাট জিলাত 38 খন গভীৰ নলী-নাদৰ আঁচনি ৰূপায়ণ কৰা হৈছে যদিও আজি পৰ্যন্ত এখন আঁচনিও কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ’ল ।

পৰৱৰ্তী সময়ত টীয়ক সমষ্টিত কৃষকৰ সুবিধাৰ্থে 2020-21 বৰ্ষত বিনামূলীয়াকৈ 50 টা চেল’ পাম্প বহুৱাইছিল জলসিঞ্চন বিভাগে ৷ ইয়াৰ ভিতৰত কেতবোৰ চ’লাৰ আৰু কেতবোৰ আছিল ইলেক্ট্ৰিক চালিত পাম্প । বৰ্তমানেও 38 টা পাম্পৰ কাম চলি আছে যদিও বাকী থকা 12 টা পাম্প বিকল হৈ পৰি আছে ।

টীয়কত বিকল অৱস্থাত জলসিঞ্চন বিভাগৰ পাম্প

কৃষকসকলে বিগত এবছৰ ধৰি চেল’ পাম্পসমূহ মেৰামতি কৰি খেতিৰ উপযোগী কৰিবৰ বাবে আবেদন জনাই আহিছে জলসিঞ্চন বিভাগক ৷ কিন্তু এতিয়াও যেন গা লৰা নাই বিভাগীয় বিষয়াৰ । সেয়েহে এইবাৰ নতুন চৰকাৰখনক এই বিভাগটোৰ কাম-কাজৰ ওপৰত চকু দিবলৈ আহ্বান জনাইছে কৃষক সমাজে ৷

উল্লেখ্য যে, ৰাজ্যৰ জলসিঞ্চন বিভাগৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আদি সমূহৰ কামতো এনেধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ প্ৰতিদিনে উত্থাপন হৈ আহিছে ৷ এই অনিয়মৰ বিৰুদ্ধে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে ৷ অভিযোগ উত্থাপন হোৱা বিভাগসমূহৰ কামৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া সময়তহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.