ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ

author img

By

Published : Jul 31, 2021, 9:15 AM IST

বুধবাৰে ইউৰোপিয়ান কমিচনৰ অৰ্থ সাহাৰ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ ৷ "কৃষি আৰু উদ্যোগিক ক্ষেত্ৰত দ্ৰুত জলবায়ু প্ৰযুক্তিৰ প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" শীৰ্ষক এই ৱেবিনাৰত কেইবাজনো বিদেশী বিশেষজ্ঞই অংশ গ্ৰহণ কৰে ৷

international-webinar-at-assam-agriculture-university
অসম কৃষি বিশ্ববিদ্যালয়ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ

যোৰহাট, 31 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ বাবে অন্যান্য খণ্ডৰ লগতে প্ৰায় স্থবিৰ হৈ পৰিছে শিক্ষা ব্যৱস্থা ৷ ইয়াৰ মাজতে বুধবাৰে ইউৰোপিয়ান কমিচনৰ আৰ্থ সাহাৰ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ ই-পৰীক্ষাগাৰ আৰু কৃষি বিজ্ঞান বিশ্ববিদ্যালয় ধানৱাদ আৰু তেজপুৰ বিশ্ববিদ্যালয় উদ্যোগত যোৱা 28 জুলাইতে অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰখন ৷ ইউৰোপিয়ান কমিচনৰ শিক্ষা, দৃশ্যশ্ৰাব্য আৰু সাংস্কৃতিক কাৰ্যবাহী এজেঞ্চিৰ আৰ্থ সাহাৰ্যৰে এডপ্টনেট কাৰ্যসূচীৰ অধীনত "কৃষি আৰু উদ্যোগিক ক্ষেত্ৰত দ্ৰুত জলবায়ু প্ৰযুক্তিৰ প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" শীৰ্ষক এই ৱেবিনাৰত কেইবাজনো বিদেশী বিশেষজ্ঞই অংশ গ্ৰহণ কৰে ৷

এডপ্টনেট কাৰ্যসূচীৰ ইউৰোপিয়ান সহযোগী অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ কৃষি আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ সমন্বয়ত অনুষ্ঠিত ৱেবিনাৰখন শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই ৷ লগতে জলবায়ু পৰিৱৰ্তনৰ ধনাত্মক দিশসমূহৰ সদব্যৱহাৰ কৰাৰ লগতে থলুৱা কাৰিকৰী জ্ঞানৰ সম্ভাৱনীয়তা সমূহ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে উপাচাৰ্য গৰাকীয়ে ৷ এডপ্টনেট এন ই ৰ ভাৰতীয় সমন্বয়ক ড৹ বিদ্যুত কুমাৰ শৰ্মাই আদৰণি ভাষণত 29 গৰাকী কৃষি বিজ্ঞানীয়ে এডপ্টনেট এন ই ৰ অধীনত ইউৰোপত জলবায়ু পৰিবৰ্তিত শিক্ষাৰ ওপৰত বিশেষভাবে প্ৰস্তুত কৰা মাষ্টাৰ ট্ৰেইনাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ৷

16 গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমানৰ জটিল পৰিবেশ সুস্থিৰ হলেই ইউৰোপ ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে ৷ ৱেবিনাৰখনত দ্ৰুত জলবায়ু পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত কৃষকৰ পৰ্যায়ত এক পথ নিৰ্দেশনা প্ৰস্তুত কৰি স্বেচ্ছাসেৱী অনুষ্ঠান আৰু বিজ্ঞানভিত্তিক প্ৰতিষ্ঠানসমুহৰ জৰিয়তে এক ৰূপৰেখা তৈয়াৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাত প্ৰাধান্য দিয়া হয় ৷

ৱেবিনাৰখনত কাৰিকৰী সত্ৰত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, তেজপুৰ বিশ্ববিদ্যালয়ৰ ড৹ ডেবেন্দ্ৰ চন্দ্ৰ বৰুৱা, ধানবাদৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ড৹ আই এছ কাটাগিৰি, ভাৰত চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনস্থ বি পি চলিহা আসনৰ প্ৰফেচৰ ড৹ অৰূপ কুমাৰ শৰ্মাই বক্তব্য আগবঢ়াই ৷ আনহাতে, ড৹ চালেন্দ্ৰৰ কুমাৰ ,ড৹ ড্ৰিমিটিয়ছ ভলৌডাকিছ ,ড৹ কাৰ্ল পজি , ড৹ ডিয়নিছিছেভ জলবায়ু পৰিবৰ্তনৰ অৰ্থসামাজিক ভূমিকা,প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু সেউজ ইন্ধন সম্পৰ্কত আলোকপাত কৰে ।

লগতে পঢ়কঃ বিগত 31 বছৰৰ অভিলেখ ভংগ কৰিলে ছেবাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.